/asomiyapratidin/media/media_files/2025/01/10/8Fq3VYa0vqFtOSu8iCi6.jpg)
জলবিদ্যুৎ প্ৰকল্পৰ বান্ধত জমা হোৱা গেদ নীপকোৱে এৰি দিছে ৰঙানদীত Photograph: (জলবিদ্যুৎ প্ৰকল্পৰ বান্ধত জমা হোৱা গেদ নীপকোৱে এৰি দিছে ৰঙানদীত)
ডিজিটেল সংবাদ, লখিমপুৰঃ নীপকোৰ কাণ্ডত এতিয়া লখিমপুৰৰ সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অৰুণাচল প্ৰদেশৰ ইয়াজুলিত থকা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধত জমা হোৱা গেদ নীপকোৱে এৰি দিছে ৰঙানদীত।
যোৱা ৭জানুৱাৰীৰ পৰা এই প্ৰক্ৰিয়া অব্যাহত ৰাখিছে নীপকোৱে। প্ৰতি ছেকেণ্ডত ১৫০০ মিঃমি গেদ ৰঙানদীত বোৱাই দিয়া হৈছে। নদীখনৰ নামনিৰ নৈ পৰীয়া ৰাইজৰ অজ্ঞাতে এনেদৰে বান্ধত আৱদ্ধ হোৱা গেদ নিস্কাষণৰ ফলত নৈপৰীয়া জনজীৱনৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিছে ৷ এই ভয়ংকৰ কাণ্ডৰ ফলত মৰিছে মাছ আৰু জলজ প্ৰাণী।
নদী খনত থকা ৮৪ বিধ বিভিন্ন প্ৰজাতিৰ মাছ আৰু জলচৰ প্ৰাণীৰ প্ৰতি বিপদ মাতিছে নীপকোৰ এই কাণ্ডই ৷ আনহাতে এই অতিৰিক্ত গেদ নিস্কাষণে ৰঙানদীৰ বক্ষ বাম কৰিব বুলি লখিমপুৰৰ জলসম্পদ বিভাগে জনাইছে। প্ৰদূষিত পানীয়ে নৈপৰীয়া জন জীৱনলৈ ভাবুকি কঢ়িয়াইছে। সচেতন মহলে নীপকোৰ এই কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰিছে।