নীলপৱন বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ ভাস্কৰ্য্য শিল্পী ৰবিৰাম ব্ৰহ্ম‌ৰ...

এজন এজনকৈ বিশিষ্ট লোক সমাজৰ পৰা আঁতৰি যোৱাক লৈ দুখ প্ৰকাশ

author-image
Asomiya Pratidin
New Update
নীলপৱন বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ ভাস্কৰ্য্য শিল্পী ৰবিৰাম ব্ৰহ্ম‌ৰ...

ডিজিটেল সংবাদ, ওদালগুৰিঃ প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ ভাস্কৰ্য্যশিল্পী ৰবিৰাম ব্ৰহ্ম‌ৰ। শুকুৰবাৰে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ব্ৰহ্ম‌ই কয় যে "কিছুদিন পূৰ্বে ম‌ই নীলপবনৰ সৈতে সাক্ষাৎ হৈছিলো। তেখেতৰ স্বাস্থ্যৰ অৱস্থা খুব ভাল নাছিল যদিও প্ৰথমাৱস্থাত মোক চিনি পোৱা নাছিল। কিন্তু পৰৱৰ্তী সময়ত মোৰ নামটো কোৱাৰ পাছত তেখেতে মোৰ সৈতে সুন্দৰভাৱে কথা পাতিলে।"

লগতে তেওঁ কয় যে "বৰ্তমান ৰাজ্যৰ আন একাধিক শিল্পী অসুস্থ অৱস্থাত থকাৰ কথা তেখেতে উল্লেখ কৰি বিশেষকৈ ড৹ বীৰেন দত্ত, নিলমণি ফুকনকে ধৰি ৰাজ্যৰ কেইৱাগৰাকীও প্ৰসিদ্ধ লোকৰ নাম প্ৰকাশ কৰে। এইসমূহ লোকৰ ক্ষেত্ৰত দুখ প্ৰকাশ কৰি এজন এজনকৈ বিশিষ্ট লোক সমাজৰ পৰা আঁতৰি যোৱাক লৈ দুখ প্ৰকাশ কৰে। লগতে সদ্যপ্ৰয়াত অভিনেতা নিপন গোস্বামীৰ প্ৰতিও তেখেতে সাংবাদিকৰ সন্মুখত শ্ৰদ্ধা নিবেদন কৰে।

assam nipon goswami neel pawan baruah