দ্ৰুতগতিত হ্ৰাস পাইছে ভাৰতৰ বহুমাত্ৰিক দৰিদ্ৰতা

দেশত ক্ৰমাত হ্ৰাস পাইছে দৰিদ্ৰতা। ভাৰতৰ ১০৬ খন অতি অনুন্নত জিলাৰ ভিতৰত অধিকাংশ জিলাত বিত্তীয় বৰ্ষ ১৬ৰ পৰা ২১ বিত্তীয় বৰ্ষৰ ভিতৰত দৰিদ্ৰতা দ্ৰুতগতিত হ্ৰাস পোৱা দেখা গৈছে। ৰাজ্যৰ গড়তকৈও দ্ৰুতগতিত হ্ৰাস পাইছে জিলাসমূহৰ দৰিদ্ৰতা।

author-image
Asomiya Pratidin
New Update
হ্ৰাস পাইছে দৰিদ্ৰতা

হ্ৰাস পাইছে দৰিদ্ৰতা

ডিজিটেল ডেস্ক: দেশত ক্ৰমাত হ্ৰাস পাইছে দৰিদ্ৰতা। ভাৰতৰ ১০৬ খন অতি অনুন্নত জিলাৰ ভিতৰত অধিকাংশ জিলাত বিত্তীয় বৰ্ষ ১৬ৰ পৰা ২১ বিত্তীয় বৰ্ষৰ ভিতৰত দৰিদ্ৰতা দ্ৰুতগতিত হ্ৰাস পোৱা দেখা গৈছে। ৰাজ্যৰ গড়তকৈও দ্ৰুতগতিত হ্ৰাস পাইছে জিলাসমূহৰ দৰিদ্ৰতা।

Advertisment

নীতি আয়োগৰ বহুমাত্ৰিক দৰিদ্ৰতা সূচকাংক ২০২৩ৰ প্ৰতিবেদন ব্যৱহাৰ কৰি বিশ্লেষণ কৰা তথ্য অনুসৰি, ১০৬খন পিছপৰা জিলাৰ ভিতৰত ৪৬ শতাংশত দৰিদ্ৰতা দ্ৰুতগতিত হ্ৰাস পোৱা দেখা গৈছে, য’ত মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, অসম আৰু তামিলনাডুৰ জিলাসমূহ আছে। বহুমাত্ৰিক দৰিদ্ৰতাই অনাময়, শিক্ষা, আৰু স্বাস্থ্যৰ দৰে আৰ্থ-সামাজিক সূচকৰ ওপৰত পৰিয়ালৰ বঞ্চনা জোখে, লগতে আয়ৰ মাপকাঠীও ব্যৱহাৰ কৰে।

কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অতি অনুন্নত জিলাসমূহৰ বাবে তেওঁৰ চৰকাৰে কৰা কামৰ কথা উল্লেখ কৰে। কিছুমান আকাংক্ষিত জিলাই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক গড়তকৈ ভাল কাম কৰিছিল বুলিও তেওঁ সদৰী কৰে।মোডীয়ে লগতে কয়, "পূৰ্বতে চৰকাৰে ১০০খন জিলাক পিছপৰা বুলি ঘোষণা কৰিছিল, ইয়াৰে বহুকেইখন জিলা উত্তৰ-পূব আৰু জনজাতি বেল্টত। আমি এই পন্থা সলনি কৰি আকাংক্ষিত বুলি অভিহিত কৰি মিছন মোডত আঁচনি ৰূপায়ণ কৰিলোঁ। প্ৰতিষ্ঠিত প্ৰতিষ্ঠান আৰু আলোচনীসমূহে ভাৰতৰ আকাংক্ষিত জিলাৰ এই পদক্ষেপক প্ৰশংসা কৰিছে।" উল্লেখযোগ্য যে, ভাৰতৰ দৰিদ্ৰ জিলাসমূহৰ আৰ্থ-সামাজিক উন্নয়নৰ অগ্ৰগতি জানিবলৈ চৰকাৰে ২০১৮ চনত আকাংক্ষিত জিলা কাৰ্যসূচী আৰম্ভ কৰিছিল।

দৰিদ্ৰতা