/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3a22e2b7-ccca-4c07-b485-11dfcfd87d63/aizwal_22.jpg)
Aizawl
অসম তথা উত্তৰ পূৰ্বাঞ্চলত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।
ধাৰাবাহিক ভাৱে অসমত ড্ৰাগছ উদ্ধাৰ হৈ থকাৰ মাজতে এতিয়া উচৰ চুবুৰীয়া ৰাজ্যতো জব্দ হৈছে নিষিদ্ধ টেবেলট।
চুবুৰীয়া ৰাজ্য মিজোৰামৰ আইজালত আজি জব্দ হ'ল বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট।
অসম ৰাইফলছ, আবকাৰী আৰু মাদক দ্রব্য বিভাগৰ অভিযানত জব্দ হৈছে এই টেবলেটখিনি।
এখন বাহনৰ পৰা জব্দ কৰা হৈছে ডেৰ লাখ মেথামফেটামিন টেবলেট।
জব্দ কৰা টেবলেটখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰ মূল্য আনুমানিক ৪৯ কোটি, ৯৯ লাখ ৫০ হাজাৰ টকা।
টেবলেটসহ আটক চাৰিজন সৰবৰাহকাৰীক।