আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ উত্তৰ-পূব হোটেল আৰু ৰেষ্টুৰেন্ট এছ'চিয়েশ্যন...

আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ হ'ল উত্তৰ-পূব ভাৰত হোটেল আৰু ৰেষ্টুৰা সংস্থা চমুকৈ NEIHRA । উত্তৰ-পূবৰ আঞ্চলিক অতিথি সেৱাৰ ক্ষেত্ৰখনক অধিক শক্তিশালী কৰিবলৈ এই

author-image
Asomiya Pratidin
New Update
web ap 1

ডিজিটেল সংবাদ, গুৱাহাটীঃ আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ হ'ল উত্তৰ-পূব ভাৰত হোটেল আৰু ৰেষ্টুৰা সংস্থা চমুকৈ NEIHRA । উত্তৰ-পূবৰ আঞ্চলিক অতিথি সেৱাৰ ক্ষেত্ৰখনক অধিক শক্তিশালী কৰিবলৈ এই সংস্থাটো গঠন হোৱাৰ কথা শনিবাৰে হোটেল গেটৱেত অনুষ্ঠিত হোৱা এক সংবাদমেলত সদৰি কৰা হয়। 

Advertisment

এই মঞ্চখনত উত্তৰ-পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰ প্ৰতিনিধি আছে।  অসম, অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিক্কিম আৰু ত্ৰিপুৰাৰ অতিথি সেৱা ক্ষেত্ৰখনৰ সৈতে জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি এই সংস্থাটোক প্ৰতিনিধিত্ব কৰিছে। 

উল্লেখ কৰা প্ৰয়োজন যে, বিগত এমাহৰ ভিতৰতে উত্তৰ পূবৰ ৰাজ্য কেইখনৰ পৰা ১০০ৰো অধিক সদস্যই এই সংস্থাত যোগদান কৰিছে। শনিবাৰৰ সংবাদমেলত এই সংস্থাটোৰ সভাপতি ভি এন গোৱংকাই ইয়াৰ উদ্দেশ্য সমূহৰ কথা সদৰি কৰে- 

NEIHRA-ৰ মুখ্য উদ্দেশ্যসমূহ-

  • আঞ্চলিকভাৱে হোটেল আৰু ৰেষ্টুৰাসমূহৰ সন্মুখীন হোৱা বিশেষ সমস্যাবোৰ উপস্থাপন আৰু সমাধান কৰা।
  • ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্রালয় আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্রালয় (DONER)ৰ সৈতে সংযোগ স্থাপন কৰিবলৈ একক মঞ্চ প্ৰদান কৰা।
  • আঞ্চলিক অংশীদাৰসকলৰ মাজত সহযোগিতা, সমন্বয় আৰু একতা প্ৰসাৰিত কৰা।
  • আইন, বিধান আৰু উদ্যোগৰ মানদণ্ডৰ প্ৰয়োগৰ ক্ষেত্ৰত বাস্তৱিক সমস্যাবোৰ সমাধান কৰা।
  • ফেডাৰেশ্বন অৱ হোটেল এণ্ড ৰেষ্টুৰাঁ এছ'চিয়েচন অৱ ইণ্ডিয়া (FHRAI) আৰু হোটেল এছাচিয়েচন অৱ ইণ্ডিয়া (HAI)ৰ দৰে জাতীয় সংগঠনসমূহৰ সৈতে সংযোগ স্থাপন কৰি আঞ্চলিক প্রতিনিধিত্বক সবল কৰা আৰু বিস্তৃত উদ্যোগিক জ্ঞান লাভ কৰা।

উক্ত সংবাদমেলত এই ক্ষেত্ৰৰ সৈতে জড়িত অসমৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

গুৱাহাটী