ৰাছিয়াৰ ভয়ংকৰ প্ৰৱঞ্চনাঃ চাকৰি দিম বুলি ইউক্ৰেইনলৈ যুদ্ধৰ বাবে পঠালে ৪ভাৰতীয়ক...

ৰাছিয়াৰ ভয়ংকৰ প্ৰৱঞ্চনা
ৰাছিয়াৰ ভয়ংকৰ প্ৰৱঞ্চনা

ডিজিটেল ডেস্কঃ দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে নিবনুৱা সমস্যা। তথ্য অনুসৰি দেশৰ প্ৰতি চাৰিগৰাকী যুৱক-যুৱতীৰ মাজৰ এগৰাকীয়েই এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে সংস্থাপনৰ বাবে। এনে সময়তে বহিঃৰাষ্ট্ৰত চাকৰি দিয়াৰ প্ৰলোভনেৰে ৰাছিয়াৰ হৈ ইউক্ৰেইন সীমান্তলৈ চাৰিগৰাকী ভাৰতীয় যুৱকক যুদ্ধ কৰিবলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপনে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

অভিযোগ অনুসৰি, ৰাছিয়াৰ ব্যক্তিগত ৱেগনাৰ বাহিনীৰ হৈ যুদ্ধ কৰিবলৈ প্ৰতাৰণাৰে ইউক্ৰেইনৰ সীমান্তলৈ প্ৰেৰণ কৰা হৈছে ভাৰতীয় যুৱক কেইজনক। বাতৰি অনুসৰি, এইদৰে প্ৰতাৰণাৰে ইউক্ৰেইন সীমান্তলৈ প্ৰেৰণ কৰা যুৱক চাৰিজনৰ তিনিজনৰ ঘৰ হৈছে কৰ্ণাটকৰ কালবুৰ্গীত। আনহাতে আনজন যুৱক ২২ বৰ্ষীয় মহম্মদ চুফিয়ানৰ ঘৰ হৈছে তেলেংগানাত।

চুফিয়ানে পৰিয়াললৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত তেওঁলোকক চাকৰি দিয়াৰ নামত প্ৰতাৰণা কৰি যুদ্ধৰ বাবে পঠিওৱাৰ অভিযোগ তোলে। লগতে তেওঁলোকক নিৰাপদে উদ্ধাৰ কৰি স্বদেশলৈ উভতাই আনিবলৈও ভাৰত চৰকাৰক অনুৰোধ জনায় যুৱকজনে। যুৱকজনে ভিডিঅ’টোত কয়, 'প্লিজ আমাক বচাওক। আমি ভয়ংকৰ প্ৰৱঞ্চনাৰ বলি হৈছো।’ উল্লেখ্য যে, এই ভিডিঅ’টোত সেনা বাহিনীৰ পোছাক পৰিধান কৰি থকা দেখা গৈছে চুফিয়ানক।

তেওঁ অভিযোগ কৰে যে তেওঁলোকক বলপূৰ্বকভাৱে ৰাছিয়াৰ হৈ যুঁজিবলৈ পঠিওৱা হৈছিল। তেওঁ জানিবলৈ দিয়া মতে, ২০২৩ চনৰ ডিচেম্বৰ মাহত তেওঁলোকক ৰাছিয়ালৈ প্ৰেৰণ কৰা হৈছিল। তেওঁলোকক সেনাবাহিনীৰ নিৰাপত্তাৰক্ষীৰ সহায়ক হিচাপে কাম কৰিবলৈ দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল। অৱশ্যে সেয়া নহ’ল বুলি অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, চাৰি যুৱকে ডুবাইত কাম কৰি থকাৰ সময়তে লগ পাইছিল চাকৰি প্ৰৱঞ্চকজনক।

ইয়াৰ পিছতে তেওঁলোকক ভাল দৰমহাৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হয়। ২০২৩ চনৰ নৱেম্বৰ মাহত ডুবাইৰ পৰা ঘৰলৈ উভতি আহিছিল। ইয়াৰ পিছত ডিচেম্বৰ মাহত তেওঁলোকক ৰাছিয়ালৈ পঠিওৱা হয়। জানিব পৰা মতে, ভিজিটৰ ভিছাত চেন্নাইৰ পৰা ৰাছিয়ালৈ বিমানেৰে গৈছিল যুৱক কেইজনে। ৰাছিয়াত তেওঁলোকক মাহে দুি লাখ টকা দৰমহাৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল প্ৰৱঞ্চকজনে।

ইফালে যুৱক কেইজনৰ পৰিয়ালে অভিযোগ কৰা মতে, এই প্ৰৱঞ্চকজনে চাকৰি দিয়াৰ বাবদ যুৱক কেইজনৰ প্ৰত্যেকৰে পৰা চাৰে তিনিলাখ টকাকৈ লৈছিল। কিন্তু ৰাছিয়ালৈ লৈ যোৱাৰ পিছতে তেওঁলোকক ভাড়াতীয়া সেনাবাহিনীত নিযুক্তি দিয়া হয়। উল্লেখ্য যে, বিগত প্ৰায় এবছৰ ধৰি অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ।

চুফিয়ানৰ ভাতৃ চৈয়দ ছলমানে সংবাদ মাধ্যমৰ আগত কয়, ''১৫ দিন আগতে ভাইটিয়ে ফোন কৰিছিল। তেওঁলোকে কয় যে তেওঁলোক ইউক্ৰেইনৰ সীমান্তৰ পৰা ৪০ কিলোমিটাৰ দূৰত আছে। তেওঁ কয় যে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁক তালৈ লৈ যোৱা হৈছে।’’

অভিযোগ অনুসৰি সেই চাৰিজনৰ বাহিৰেও ৬০ জন ভাৰতীয়ক তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে ৰাছিয়াৰ ভাড়াতীয়া বাহিনীত নিযুক্তি দিয়া হৈছে। যুদ্ধৰ বাবে ৰাছিয়ান ভাষাত চুক্তি স্বাক্ষৰিত হৈছিল। অভিযোগ অনুসৰি মহাৰাষ্ট্ৰৰ এজন ব্যক্তিয়ে তেওঁলোকক চাকৰিৰ প্ৰলোভনেৰে ৰাছিয়ালৈ প্ৰেৰণ কৰি ভাড়াতীয়া সেনাবাহিনীত নিযুক্তি দিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in