/asomiyapratidin/media/media_files/2025/07/22/startup-22-2025-07-22-13-04-55.jpg)
ডিজিটেল ডেস্কঃ ২০২৫ বিত্তীয় বৰ্ষত ভাৰতীয় ষ্টাৰ্টআপসমূহে IPO, FPO আৰু QIP-ৰ জৰিয়তে ৪৪,০০০ কোটিৰো অধিক পুঁজি পাব্লিক মাৰ্কেটৰ পৰা সংগ্ৰহ কৰিছে। Rainmaker Group-ৰ RainGauge Index FY25 Annual Update অনুসৰি, এই পৰিসংখ্যাই ভাৰতীয় ষ্টাৰ্টআপ পৰিবেশত এক গঠনমূলক পৰিৱর্তনৰ সূচনা কৰিছে।
এই প্ৰতিবেদনত কোৱা হৈছে যে, পাব্লিক মাৰ্কেটে এতিয়া প্ৰাইভেট কেপিটেলতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে। বিশেষকৈ লেট-ষ্টেজ (late-stage) ষ্টাৰ্টআপসমূহৰ বাবে। ২০২৫ বিত্তীয় বৰ্ষত পাব্লিক মাৰ্কেটৰ পৰা সংগৃহীত তহবিল প্ৰাইভেট ফাণ্ডিঙৰ দুগুণ।
উল্লেখযোগ্য যে, Peak XV আৰু TPG-ৰ দৰে প্ৰাইভেট ইকুইটি/ভেঞ্চাৰ কেপিটেল প্ৰতিষ্ঠানসমূহে ২০২৫ বিত্তীয় বৰ্ষত ব্লক আৰু বাল্ক ডিলৰ জৰিয়তে ২০,০০০ কোটিতকৈ অধিক ছেকেণ্ডেৰী এক্সিট লাভ কৰে।
প্ৰতিবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে বিত্তীয় বৰ্ষ ২০২৫-ৰ আৰম্ভণিতে বৈদেশিক বিনিয়োগকাৰীৰ ৭৮,০০০ কোটিৰ আউটফ্ল' হোৱা পৰিস্থিতিত Q4 ত সেইবোৰ শক্তিশালী ভাৱে উভতি আহে।
প্ৰতিবেদনখনৰ মতে বছৰটোত কেইবাটাও উল্লেখযোগ্য ঘটনা বিশেষকৈ Zomato - NIFTY50 আৰু SENSEX-ত অন্তৰ্ভুক্ত হোৱা, Swiggy ৰ NIFTY Next 50-লৈ প্ৰৱেশ, Nykaa, PB Fintech, আৰু Ola Electric আদি NIFTY MidCap150-ত অন্তর্ভুক্ত হৈছে।
Rainmaker-ৰ বিবৃতিত কোৱা হৈছে, "IPO-এ এতিয়া আগৰ দৰে সহজ এক্সিট নিদিয়ে। ষ্টাৰ্টআপসমূহে এতিয়া তেওঁলোকৰ আৰম্ভণিতেই পাব্লিক মাৰ্কেটৰ মানদণ্ড পূৰণৰ বাবে সাজু হ’ব লাগিব।"
প্ৰতিবেদন অনুসৰি, SaaS, BFSI, কনজিউমাৰ ব্ৰেণ্ড আদিত EV/EBITDAৰ আধাৰত দুই-বছৰৰ আগৰ মূল্যায়ন (forward valuation) গাইডলাইন স্থাপন কৰা হৈছে। সেয়া অৰ্থাৎ ইউনিট ইক’নমিক্স, পৰিসংখ্যাগত স্বচ্ছতা, আৰু দীঘলীয়া, স্থায়ী বৃদ্ধিৰ কাহিনীয়ে এতিয়া মূল ভূমিকা গ্ৰহণ কৰিব।