/asomiyapratidin/media/media_files/2025/05/04/lqGonWv3edXd81yCv2Hc.jpg)
ডিজিটেল ডেস্কঃ ভাৰতে পাকিস্তানৰ পৰা আমদানি আৰু পাকিস্তানী জাহাজ ভাৰতত নিষিদ্ধ কৰাৰ কেইঘন্টামানৰ পাছতে পাকিস্তানেও ভাৰতক লৈ গ্ৰহণ কৰিছে কঠোৰ স্থিতি। শেহতীয়াকৈ পাকিস্তানে ঘোষণা কৰিছে যে, ভাৰতীয় জাহাজে পাকিস্তানৰ কোনো বন্দৰত প্ৰৱেশ আৰু ব্যৱহাৰ কৰিব নোৱাৰিব।
পাকিস্তানৰ সামুদ্ৰিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰি এই জাননীত এই নিৰ্দেশ কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে। অৰ্থনৈতিক স্বাৰ্থ আৰু নিৰাপত্তাৰ খাতিৰত পাকিস্তানে এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও সদৰি কৰিছে চৰকাৰে।
উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এটাৰ পাছত আনটো কঠোৰ সিদ্ধান্ত লোৱাত চৰম অসন্তুষ্টিত আছে পাকিস্তান। ইয়াৰ মাজতে যোৱা শনিবাৰে দিনৰ ভাৰতে পাকিস্তানৰ পৰা সকলো আমদানি বন্ধ কৰাৰ পাছতে সন্ধিয়া ভাগত পাকিস্তান চৰকাৰে ভাৰতৰ বিৰুদ্ধে জাৰি কৰে এই জাননী।