/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/4d3c3500-7c6a-443d-929b-023eb804002b/gurur_nanak_06.jpg)
nankana sahib
ডিজিটেল ডেস্কঃ গুৰু নানক জয়ন্তীৰ পূৰ্বে আহিল এক দুঃখবৰ। ননকনা শ্বাহিবত পালন কৰা গুৰু নানক জয়ন্তীত অংশগ্ৰহণ কৰিব নোৱাৰিব ভাৰতীয় শিখ ধৰ্মাৱলম্বীলোকে।উল্লেখ্য যে ৬ নৱেম্বৰৰ দেওবাৰৰ পৰা অহা ১৫ নৱেম্বৰৰ লৈ পাকিস্তানত থকা ননকনা শ্বাহিবত পালন কৰা হ’ব গুৰু নানক জয়ন্তী।
এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ভাৰতীয় শিখ ধৰ্মাৱলম্বীলোকসকলে পাকিস্তান ভ্ৰমণৰ বাবে ভিছাৰ অনুমতি বিচাৰিছিল যদিও পাকিস্তান চৰকাৰে বহু ভাৰতীয়ক পাকিস্তান ভ্ৰমণৰ অনুমতি প্ৰদান নকিৰিলে। বাতিল কৰিলে বহু ভাৰতীয়ৰ ভিছাৰ আৱেদন।
পাকিস্তানৰ সংশ্লিষ্ট কৰ্তৃপক্ষই ননকনা শ্বাহিব ভ্ৰমণৰ বাবে ভিছাৰ আৱেদন কৰা ১৪৯৬ গৰাকী ভাৰতীয় শিখ ধৰ্মাৱলম্বীলোকৰ ভিতৰত ৫৮৬ গৰাকী লোকৰ ভিছা বাতিল কৰিলে। কেৱল ৯১০ গৰাকী লোকৰ হে ভ্ৰমণত অনুমতি প্ৰদান কৰিলে পাকিস্তানৰ সংশ্লিষ্ট কৰ্তৃপক্ষই। এই ৯১০ গৰাকী তীৰ্থ যাত্ৰীৰে আকৌ ভিছাৰ ম্যাদ মাত্ৰ ১০ দিন।
এই সন্দৰ্ভত শিৰোমণি গুৰুদ্বাৰ প্ৰবন্ধক কমিটীৰ মুখপাত্ৰ হৰভজন সিঙে কয় যে, ধৰ্মীয় ভিছা বাতিল কৰিব নালাগে। পাকিস্তানৰ এই সিদ্ধান্তৰ বাবে তীৰ্থযাত্ৰীসকল হতাশ হৈছে।
তেওঁ কয় যে পূৰ্বে ননকনা শ্বাহিবলৈ যোৱা বাছখনো ৰখাই দিয়া হৈছে। বন্ধ কৰি থোৱা আছে সমজৌতা এক্সপ্ৰেছ ৰে’লখন। দিল্লীৰ পৰা লাহোৰলৈ চলা এই ৰে’লখন পুনৰ আৰম্ভ কৰিব লাগে বুলিও তেওঁ দাবী উত্থাপন কৰে। উল্লেখ্য যে, পাকিস্তানত থকা নানকনা শ্বাহিবেই নহয় ভাৰতীয় তীৰ্থ যাত্ৰীসকলে এই সময়ছোৱাত পাকিস্তানৰ ভূমিত থকা ডেৰা চাহাব, পাঢ্জা চাহাব, কৰতাৰপুৰ শ্বাহিবো ভ্ৰমণ কৰিব।