ভাৰত- আমেৰিকাৰ বাণিজ্যিক চুক্তিক লৈ অচিৰেই কৰা হ'ব আনুষ্ঠানিক ঘোষণা...

ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিক লৈ মত ব্যক্ত কৰিছে হোৱাইট হাউচে।  আমেৰিকাই ভাৰতক “কৌশলগত মিত্ৰ” বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু

author-image
Asomiya Pratidin
New Update
dsssss

ডিজিটেল ডেস্কঃ ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিক লৈ মত ব্যক্ত কৰিছে হোৱাইট হাউচে।  আমেৰিকাই ভাৰতক “কৌশলগত মিত্ৰ” বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত “অতি ভাল” সম্পৰ্ক আছে বুলি কয়। 

Advertisment

সংবাদ মাধ্যমক সম্বোধন কৰি হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লিভিটেও কয় যে - ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বাণিজ্যিক চুক্তি চূড়ান্ত হোৱাৰ ওচৰ চাপিছে আৰু এই সন্দৰ্ভত শীঘ্ৰে আনুষ্ঠানিক ঘোষণা কৰা হ’ব।

ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তি চূড়ান্ত কৰা হৈছে নেকি আৰু অতি সোনকালে ইয়াৰ ওপৰত ঘোষণা হ’ব নেকি সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কেৰ’লিন লিভিটে কয় যে, ‘হয়, ৰাষ্ট্ৰপতিয়ে (ড’নাল্ড ট্ৰাম্পে) যোৱা সপ্তাহত সেই কথা কৈছিল, আৰু এই সন্দৰ্ভত অচিৰেই আনুষ্ঠানিক ঘোষণা কৰা হ'ব।

 

আমেৰিকা