Advertisment

ভ্ৰমণ আৰু পৰ্যটন উন্নয়ণ সূচাংকৰ তালিকাত ভাৰতৰ স্থান ৩৯

ৰাজ্য সভাত কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে জনাই যে, দেশত মেডিকেল ভেলু ট্ৰেভেল চমুকৈ এমবিটি পৰ্টেল মুকলি কৰা হৈছে। এয়া হৈছে এডভানটেজ হেল্থ কেয়াৰ পৰ্টেল।

author-image
Asomiya Pratidin
New Update
r

ডিজিটেল ডেস্কঃ ট্ৰেভেল এণ্ড টুৰিজিম ডেভেলপমেন্ট ইনডেস্ক চমুকৈ টিটিডিআই ৰ প্ৰতিবেদন প্ৰকাশ পাইছে। ২০২৪ ৰ এই প্ৰতিবেদনত বিশ্ব অৰ্থনৈতিক মঞ্চৰ ১১৯ খন দেশক সাঙুৰিছে। এই বছৰ এইঅ প্ৰতিবেদনত ভাৰতৰ স্থান ৩৯।

Advertisment

২০২১ বৰ্ষত প্ৰকাশিত এই প্ৰতিবেদনৰ সূচাংকৰ তালিকাত ভাৰতৰ স্থান আছিল ৫৪। স্বদেশ দৰ্শন, প্ৰসাদ, আদি আঁচনিৰ বাবে দেশৰ পৰ্যটন খণ্ডৰ বিকাশ হৈছে। পৰ্যটন খণ্ড সমূহৰ আন্তঃগাঁথনি উন্নত আৰু সা-সুবিধা প্ৰদানৰ বাবে কেন্দ্ৰ,ৰাজ্য চৰকাৰ,কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ প্ৰশাসন তথা বিভিন্ন কেন্দ্ৰীয় সংস্থা সমূহে বহু আঁচনি গ্ৰহণ কৰিছে। যাৰ বাবে পৰ্যটন সূচল আৰু পৰ্যটকৰ বাবে সুবিধাজনক হৈছে। 

বৃহস্পতিবাৰে ৰাজ্য সভাত কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে জনাই যে, দেশত মেডিকেল ভেলু ট্ৰেভেল চমুকৈ এমবিটি পৰ্টেল মুকলি কৰা হৈছে। এয়া হৈছে এডভানটেজ হেল্থ কেয়াৰ পৰ্টেল। বিদেশৰ পৰা ভাৰতত চিকিৎসালয়লৈ দি এই পৰ্টেলৰ জৰিয়তে বহু লোকে দেশৰ পৰ্যটনস্থলী সমূহ ভ্ৰমণৰ সুযোগ লৈছে।

পৰ্যটন মন্ত্ৰণালয়ে এক বিস্তৃত ডিজিটেল ব্যৱস্থাৰ জৰিয়তে দেশৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কথাও তেওঁ জানিব দিয়ে।

পৰ্যটন