/asomiyapratidin/media/media_files/2025/02/17/Rrpf0ailMhHXMXRurirj.jpg)
india
ডিজিটেল ডেস্কঃ মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশত এক বৃহৎ খোজ ভাৰতৰ। ভাৰতীয় বিজ্ঞানী আৰু অভিযন্তাসকলে ৰকেট মটৰ উৎপাদনৰ ক্ষেত্ৰত এক ডাঙৰ সফলতা লাভ কৰিছে। শেহতীয়াকৈ ইছৰোৱে সফলতাৰে প্ৰস্তুত কৰি উলিয়াইছে ১০টন ওজনৰ ভাৰটিকেল প্লেনেটৰী মিক্সাৰ। উল্লেখ কৰা প্ৰয়োজন যে, এইটোৱেই হৈছে বিশ্বৰ সৰ্ববৃহৎ ভাৰটিকেল প্লেনেটৰী মিক্সাৰ।
বিশ্বৰ সৰ্ববৃহৎ এই ভাৰটিকেল প্লেনেটৰী মিক্সাৰ ডিজাইন আৰু বিকাশৰ দায়িত্ব আছিল ভাৰতীয় মহাকাশ সংস্থাৰ। যোৱা ১৩ফেব্ৰুৱাৰীত ইয়াক আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। প্ৰণিধানযোগ্য যে, ভাৰটিকেল প্লেনেটৰী মিক্সাৰে এখন ৰকেটৰ মেৰুদণ্ড গঠন কৰাত সহায় কৰে।