কংগ্ৰেছ ধূলিস্যাৎ! টংকেশ্বৰ ৰাভাৰ নেতৃত্বত পুনৰ ৰাভা হাছং স্বায়ত্ত্ব পৰিষদ দখল NDA মিত্ৰজোঁটৰ...

বিৰোধীক ধূলিস্যাৎ কৰি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনত ৰাভা যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত এন ডি মিত্ৰজোঁটৰ বৃহৎ জয়। গোৱালপাৰাৰ ২০টা আৰু কামৰূপৰ

author-image
Asomiya Pratidin
New Update
web rabha

ডিজিটেল সংবাদ, দুধনৈঃ বিৰোধীক ধূলিস্যাৎ কৰি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনত ৰাভা যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত এন ডি মিত্ৰজোঁটৰ বৃহৎ জয়। গোৱালপাৰাৰ ২০টা আৰু কামৰূপৰ ১৬টা পৰিষদীয় সমষ্টিৰ ভিতৰত বিৰোধী কংগ্ৰেছ মাত্ৰ এটা সমষ্টিতে সন্তুষ্ট থাকিব লাগিবলগীয়া হ’ল।

Advertisment

যোৱা ২ এপ্ৰিলত অনুষ্ঠিত হোৱা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ৩৩ টা সমষ্টিত অনুষ্ঠিত নিৰ্বাচনত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু মিত্ৰজোঁটে গোৱালপাৰাত বাতৰি লিখা পৰলৈকে ১৮খন আসন লাভ কৰে । বাতৰি লিখা সময়লৈকে ১৫ নং আগিয়া আৰু ১৮ নং দাৰিদুৰি সমষ্টিৰ ভোট গণনা চলি আছে। আগিয়াত কংগ্ৰেছ আৰু যৌথ মঞ্চৰ প্ৰাৰ্থীৰ মাজত তীব্ৰ প্ৰতিন্দন্দ্বিতাৰ বিপৰীতে দাৰিদুৰিত যৌথ মঞ্চ আৰু নিদৰ্লীয় প্ৰাৰ্থীৰ মাজত প্ৰতিন্বন্দ্বিতা অব্যাহত আছে। 

ইয়াৰ বিপৰীতে এখন আসনত কংগ্ৰেছ আৰু এখন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে। আজি পুৱা গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয় চৌহদত অনুষ্ঠিত হোৱা ভোট গণনা অনুসৰি আজি ১ নং ধূপধৰা সাধাৰণ পৰিষদীয় (অসংৰক্ষিত) সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী অনাদি সৰকাৰ বিপুল ভোটত জয়ী হয়। 

নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীনা পাটগিৰীক ৫৪৬১ ভোটৰ ব্যাৱধানত পৰাজিত কৰে৷ অনাদি সৰকাৰে  ৭৪০৬ ভোট পোৱাৰ বিপৰীতে মীনা পাটগিৰীয়ে ২০০০  টা ভোট লাভ কৰে৷ 

২ নং কোঠাকুঠি সাধাৰণ পৰিষদীয় (জনজাতি) সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভৈৰৱ কছাৰী নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰবীন্দ্ৰ ৰাভাক ৩৭১৯ ভোটৰ ব্যাৱধানত পৰাজিত কৰে৷  ভৈৰৱ কছাৰীয়ে ৫৫৪৭ ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছৰ ৰবীন্দ্ৰ ৰাভাই ১৮২৮ টা ভোট লাভ কৰে৷

৩ নং ধনুভাঙা পৰিষদীয় সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী ফনীন্দ্ৰ ৰাভাই  জয়লাভ কৰে৷ ফনীন্দ্ৰ ৰাভাই ৫১৯৩ টা আৰু কংগ্ৰেছৰ পাৰ্থ প্ৰতীম কছাৰীয়ে ২৫৭৩ টা ভোট লাভ কৰে। ফলত ২৬২০ টা ভোটত বিজয়ী হয় ফনীন্দ্ৰ ৰাভাই৷ 

৪ নং ৰংজুলি পৰিষদীয় সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী মনিদীপা ৰাভাই ৬১৩৮ টা ভোট লাভ কৰাৰ বিপৰীতে  কংগ্ৰেছৰ প্ৰাৰ্থী সুভাষিনী ৰাভাই লাভ কৰে ২৬৬৮ টা ভোট। 

৫ নং দৰংগিৰি কুশধোৱা সাধাৰণ পৰিষদীয় (জনজাতি) সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী হিতেশ ৰাভা পাটগিৰী পৰাজিত হয় ৷ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৰমা ৰাভাই ৬০১ টা ভোটৰ ব্যাৱধানত পৰাজিত কৰে হিতেশ ৰাভা পাটগিৰীক৷ 

পৰমা ৰাভাই  ৫৫৭৬ ভোট পোৱাৰ বিপৰীতে হিতেশ ৰাভা পাটগিৰীয়ে ৪৯৭৫  টা ভোট লাভ কৰে৷ ৬ নং উত্তৰ দুধনৈ সাধাৰণ পৰিষদীয় (অসংৰক্ষিত মহিলা ) সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী উজ্জ্বলা ব্ৰক্ষ্ম বিপুল ভোটত জয়ী হয়। নিকটতম প্ৰতিদন্ডী কংগ্ৰেছ দলৰ প্ৰাৰ্থী শান্তি বসুমতাৰীক ৪৯৫০ ভোটৰ ব্যাৱধানত পৰাজিত কৰে৷ 

উজ্জ্বলা ব্ৰক্ষ্মই ৭০২৫  ভোট পোৱাৰ বিপৰীতে শান্তি বসুমতাৰীয়ে ২০৭৫ টা ভোট লাভ কৰে৷ ৭ নং দক্ষিণ দুধনৈ সাধাৰণ পৰিষদীয় (জনজাতি) সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভাই নিকটতম প্ৰতিদন্ডী কংগ্ৰেছ দলৰ প্ৰাৰ্থী সঞ্জীৱ ৰাভাক ৫৫৬৮ ভোটৰ ব্যাৱধানত পৰাজিত কৰে৷ 

টংকেশ্বৰ ৰাভাই  ৭১৬৪ ভোট পোৱাৰ বিপৰীতে সন্জীৱ ৰাভাই ১৫৯৩  টা ভোট লাভ কৰে৷ সমষ্টিৰ আন গৰাকী প্ৰাৰ্থী পুনম কছাৰীয়ে ২০১ টা ভোট লাভ কৰে৷ এই বিজয়ৰ জৰিয়তে টংকেশ্বৰ ৰাভাৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে ৰাভা হাছং পৰিষদত চৰকাৰ গঠনৰ পথ প্ৰশস্ত হৈ পৰিল৷ 

৮ নং বান্দশী সমষ্টিত ৰাভা যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী দিবানিঠা মাৰাকে জয়লাভ কৰে। ৯ নং মাজজাখেলি সাধাৰণ পৰিষদীয় (অসংৰক্ষিত) সমষ্টি যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী প্ৰবোধ কলিতাই৷ নিকটতম প্ৰতিদন্ডী নিৰ্দলীয় প্ৰাৰ্থী হীৰকজ্যোতি কলিতাক ২৪২৪ টা ভোটৰ ব্যাৱধানত পৰাজিত কৰে৷ 

প্ৰবোধ কলিতাই ৪৪৩৫ ভোট পোৱাৰ বিপৰীতে হীৰকজ্যোতি কলিতাই ২০১১ টা ভোট লাভ কৰে৷ ১০ নং শালপাৰা সমষ্টিৰ ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী অলকা ৰাভাই ৩৬৯১ টা ভোট লাভ কৰি জয় সাব্যস্ত কৰে।

১১ নং হাব্ৰাঘাট সাধাৰণ পৰিষদীয় ( জনজাতি) সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ প্ৰাৰ্থী প্ৰতাপ ৰাভা বিজয়ী হয়৷ নিকটতম প্ৰতিদন্ডী কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাখী সাংমাক ২০১৫ টা ভোটৰ ব্যাৱধানত পৰাজিত কৰে৷ 

প্ৰতাপ ৰাভাই ৩৩৪৯  ভোট পোৱাৰ বিপৰীতে ৰাখী চাংমাই ১৩৩৪ টা ভোট লাভ কৰে৷ ১২ নং ডিৰ্মাজাখিলি পৰিষদীয় সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী জীৱন ৰাভাই  জয়লাভ কৰে৷ জীৱন ৰাভাই ৬০৮০ টা ভোট পোৱাৰ বিপৰীতে  কংগ্ৰেছ প্ৰাৰ্থীয়ে ১৬৫৪ টা ভোট লাভ কৰে৷ 

১৪ নং জিনাৰী পৰিষদীয় সমষ্টিত দেবান মোমিন বিজয়ী হয়৷ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী দেৱান মোমিনে ৩৩৭৮ ভোট লাভ কৰাৰ বিপৰীতে সুনীলছোন মোমিনে ৩০৮৯ টা ভোট পায়৷ ফলত ২৮৯ টা ভোটত বিজয়ী হয় এন ডি এ প্ৰাৰ্থী৷ ১৬ নং দ্বাৰকা পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী মোদিত ৰাভাই জয়লাভ কৰে।

১৭ নং বৰদামাল-কল্যাণপুৰ পৰিষদীয় সমষ্টিত  ৰাভা হাছং যৌথ সংগ্রাম সমিতিৰ প্ৰাৰ্থী লেগেন ৰাভাই ৮২৮২ ভোট লাভ কৰি বিপুল ভোটত জয়লাভ কৰে।  ১৩ নং পূব অজগৰ সমষ্টিত ভুলাই ৰাভা,  ১৯ নং দদান পৰিষদীয় সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ দিবাকৰ ৰাভা জয়ী হয় । 

ইপিনে ২০ নং জয়ৰামকুছি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰেমাজুলি ৰাভাই বিনা প্ৰতিদ্বন্দীতাৰে জয়লাভ কৰে।
আনফালে কামৰূপ জিলাৰ ১৬টা সমষ্টিৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে। 

কামৰূপ জিলাৰ ১৪টা ৰাভা হাছং পৰিষদীয় সমষ্টিত বৃহৎ জয় সাব্যস্ত কৰা প্ৰাৰ্থী সমূহ ক্ৰমে-
•    বকো সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভাৰ জয়লাভ।
•    জোঙাখুলি সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী অৰ্জুন চেত্ৰীৰ জয়লাভ । 
•    বামুনীগাও সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজিত ৰাভাৰ জয়লাভ । 
•    বন্দাপাৰা সমষ্টিত বিজেপি প্ৰাৰ্থী মেঘালী ৰাভা জয়লাভ ।
•    লুকী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰেলিন্না জে. মাৰাকৰ জয়লাভ ।
•    উত্তৰ বনগাওঁ সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভাৰ জয়লাভ ।
•    জাৰিহাট সমষ্টিত যৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভাৰ জয়লাভ ।
•    পান্টান সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভাৰ জয়লাভ ।
•    গোবৰ্ধন সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী জ্যোতিষ চন্দ্ৰ ৰাভাৰ জয়লাভ ।
•    ৰানী সমষ্টিৰ যৌথ মঞ্চৰ প্ৰাৰ্থী পুষ্পাঞ্জলি কুমাৰী বড়োৰ জয়লাভ ।
•    শিলপোটা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কমলেশ্বৰ ৰাভাৰ জয়লাভ  ।
•    দক্ষিন বনগাওঁ সমষ্টিৰ যৌথ মঞ্চৰ মিনতি ৰাভা জয়লাভ  ।
•    চান্দডুবি সমষ্টিৰ যৌথ মঞ্চৰ  নৃপেন চন্দ্ৰ ৰ‍াভাৰ জয়লাভ ।
•    কুলচি সমষ্টিৰ যৌথ মঞ্চ ৰশ্মি মালা ৰাভাৰ জয়লাভ ।

উল্লেখযোগ্য যে,  ইতিমধ্যে গোৱালপাৰা জিলাৰ ২০ নং জয়ৰামকুছি সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী প্ৰেমাজলী ৰাভা, কামৰূপ জিলাৰ ২৩ নং খালিহাকোঠ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰী আৰু ২৫ নং হাহিম সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।

 

 

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ