EVM জিন্দা হ্য কি মৰ গয়াঃ এন ডি এৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত নৰেন্দ্ৰ মোডীয়ে কি কি ক'লে...

EVM জিন্দা হ্য কি মৰ গয়াঃ এন ডি এৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত নৰেন্দ্ৰ মোডীয়ে কি কি ক'লে...

ডিজিটেল ডেস্কঃ পুৰণি সংসদ ভৱনত আজি অনুষ্ঠিত হয় এন ডি এৰ সংসদীয় দলৰ বৈঠক। এই বৈঠকত এন ডি এৰ অন্তৰ্গত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীৰ লগতে নৱনিৰ্বাচিত সাংসদ আৰু দলীয় মুৰব্বীসকলে অংশগ্ৰহণ কৰে।

বৈঠকৰ আৰম্ভণিতে নৰেন্দ্ৰ মোডীক সংসদীয় দলৰ নেতা হিচাপে নিৰ্বাচন কৰা কৰা হয়। নেতা হিচাপে নৰেন্দ্ৰ মোডীৰ নাম প্ৰস্তাৱ কৰে ৰাজনাথ সিঙে আৰু এই প্ৰস্তাৱক সমৰ্থন জনায় অমিত শ্বাহে। প্ৰস্তাৱ সমৰ্থন কৰি অমিত শ্বাহে কয় যে, এয়া কেৱল তেওঁৰ সমৰ্থন নহয়, দেশৰ ১৩৪কোটি জনতাৰ সমৰ্থন।

এই বৈঠকত এন ডি এৰ অন্তৰ্গত সকলো দলৰ মুৰব্বীয়ে বক্তব্য ৰাখে। বৈঠকত তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উচ্চ প্ৰশংসা কৰে। তেওঁ কয় যে, যোৱা চাৰি দশক ধৰি ৰাজনীতিত আছো, বহু নেতা দেখিছো। কিন্তু মোডীজীয়ে ভাৰতক বিশ্বজুৰি গৌৰৱাম্বিত কৰিছে। দেশৰ বাবে সেইটোৱেই তেওঁৰ ডাঙৰ কৃতিত্ব। তেওঁৰ নেতৃত্বত আমি বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতিত উপনীত হলো। এতিয়া আমি নিশ্চিত যে, এই কাৰ্যকালত তেওঁ ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তুলিব।

ইফালে নীতিশ কুমাৰে আগন্তুক সময় বিৰোধী তচনচ হৈ যাব বুলি এই বৈঠকত নিজৰ বক্তব্য ৰাখে। তেওঁ কয় যে, নৰেন্দ্ৰ মোডীৰ কথা আমি সকলোৱে শুনিম আৰু একলগ হৈ থাকিম।মোডীক নেতা হিচাপে পাই আমি সকলো দল সুখী। বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিৰোধীয়ে দেশৰ বাবে একো কৰা নাই। এইবাৰ জয়ী হোৱা সকল পিছৰ বাৰ সকলো পৰাস্ত হব। মইতো আজিয়ে শপত গ্ৰহণ কৰা হলে অতিকৈ ভাল পালোহেতেন। তেওঁক শপত সোনকালেই লওক আৰু কামকাজ আৰম্ভ কৰক।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা শিৱ সেনাৰ নেতা একনাথ সিন্ধেই আগন্তুক সময়ত মোডীৰ নেতৃত্বত ভাৰতৰ বিকাশৰ গতি আৰু অধিক তুৰাম্বিত হব বুলি কয়। তেওঁ কয় যে, শিৱসেনা আৰু বিজেপিৰ বিচাৰধাৰা প্ৰায় একে। আমাৰ মাজত বন্ধুত্ব ফেবিকলৰ আঠাঁৰ দৰে। গতিকে আমাক কোনেও এৰুৱাব নোৱাৰে।

এইদৰে উক্ত বৈঠকত এন ডি এৰ সহযোগী আটাইকেইটা দলৰ নেতৃত্বই বক্তব্য ৰাখে। উক্ত বৈঠকত বিজেপিৰ সকলো শীৰ্ষ নেতাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীয়েও অংশ গ্ৰহণ কৰে। বৈঠকৰ সৰ্বশেষত প্ৰধানমন্ত্ৰী মোডীয়ে সকলো দলকে তেওঁক নেতা নিৰ্বাচন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে, মই অতি সৌভাগ্যৱান যে, সকলোৱে সৰ্বসন্মতিক্ৰমে মোক  এন ডি এৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে। ভাৰতৰ মহান গণতন্ত্ৰৰ শক্তি চাওক- আজি জনতাই এন ডি এক চৰকাৰ গঠন কৰিবলৈ পুনৰ সুবিধা প্ৰদান কৰি ২২ৰাজ্যত সেৱা কৰাৰ সুযোগ দিছে।

ভাষণৰ মাজত বিৰোধীকো তীব্ৰ কটাক্ষ কৰি মোডীয়ে কয়- ৪জুনত ৰিজাল্ট যেতিয়া আহিছিল তেতিয়া মই সুধিছিলো- ই ভি এম জিন্দা হ্য কি মৰ গয়া। বিৰোধীয়ে সিদ্ধান্ত লৈছিল যে, জনতাই গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিশ্বাস কৰাটো বন্ধ কৰক। তেওঁলোকে অহৰহ ই ভি এম ৰ বদনাম কৰিছিল। কিন্তু ৪জুনৰ পিছত তেওঁলোকৰ মুখ বন্ধ হল। এইটোৱেই হৈছে ভাৰতীয় গণতন্ত্ৰৰ শক্তি। আশা কৰিছো আগন্তুক ৫বছৰলৈ ই ভি এমৰ কথা শুনিবলৈ নাপাম।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়-  ২০২৪ৰ জনাদেশে প্ৰমাণ কৰিলে যে, আজিৰ পৰিস্থিতিত দেশে কেৱল এন ডি একহে বিশ্বাস কৰে। মই আগতেই কৈছিলো যে, আমি কাম কৰা ১০বছৰটো ট্ৰেইলাৰ। ই নিৰ্বাচনী বিবৃতি নাছিল, মোৰ প্ৰতিশ্ৰুতি আছিল।‘ ভাৰতৰ বিকাশৰ দৌৰত মধ্যবিত্ত সকলৰ অৱদান অতিকৈ গুৰুত্বপূৰ্ণ। সকলোৱে আশা কৰা ধৰণে শীঘ্ৰে ভাৰত তৃতীয় বৃহত অৰ্থনীতিৰ দেশ হিচাপে বিবেচিত হবলৈ গৈ আছে।

এই বৈঠক সমাপ্ত হোৱাৰ পাছতে বিয়লি ভাগলৈ ৰাষ্ট্ৰপতিক সাক্ষাত কৰি চৰকাৰ গঠনৰ প্ৰস্তাৱ ৰাখিব এন ডি এৰ সহযোগী দলসমূহে। বিয়লি প্ৰায় ৫বজাত ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হব নৰেন্দ্ৰ মোডী সহিতে প্ৰায় সকল নেতা।

EVM জিন্দা হ্য কি মৰ গয়াঃ এন ডি এৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত নৰেন্দ্ৰ মোডীয়ে কি কি ক'লে...
অযোধ্যাবাসী ফাঁকিবাজ আৰু স্বাৰ্থপৰঃ খোদ ‘লক্ষ্মণে’ কিয় ক'লে এনেকৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in