NDA নে INDIA- ৰিজাল্টৰ পূৰ্বে জানি লওক অসমৰ ১৪টা লোকসভা সমষ্টিৰ সবিশেষ...

NDA নে INDIA- ৰিজাল্টৰ পূৰ্বে জানি লওক অসমৰ ১৪টা লোকসভা সমষ্টিৰ সবিশেষ...

ডিজিটেল ডেস্কঃ এন ডি এ নে ইণ্ডিয়া, কোনে দখল কৰিব দিল্লীৰ মছনদ। অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা হব। অসমৰো ১৪টা লোকসভা সমষ্টিৰো আজি ফলাফল ঘোষণা হব। অসমৰ ১৪টা লোকসভা সমষ্টিৰ সবিশেষ-

থোৰতে নিৰ্বাচনৰ সবিশেষ

  • এইবাৰৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছে ৫৫ লাভ ইভিএম আৰু ৪ লাখ বাহন।

  • দেশত পঞ্জীয়নভুক্ত মুঠ ভোটাৰৰ সংখ্যা ৯৭ কোটি।

  • দেশত স্থাপন কৰা হৈছিল প্ৰায় ১১ লাখ ভোট কেন্দ্ৰ।

  • নিৰ্বাচনত জড়িত হৈ আছিল ডেৰ কোটি পোলিং বিষয়া।

  • ৮৫ ঊৰ্ধ্বৰ ভোটাৰক স্বগৃহতেই ভোট দিয়াৰ ব্যৱস্থা আছিল এই নিৰ্বাচনত।

  • মুঠ ৭ টা পৰ্যায়ত হ'ল ভোটগ্ৰহণ।

  • ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ২১ খন ৰাজ্যৰ ১০২ সমষ্টিত হয় ভোটগ্ৰহণ।

  • ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যৰ ৮৯ খন আসনত হয় ভোটগ্ৰহণ।

  • ৭ মে'ত তৃতীয় পৰ্যায়ত হয় ১২ ৰাজ্যৰ ৯৪ খন আসনত ভোটগ্ৰহণ।

  • ১৩ মে'ত চতুৰ্থ পৰ্যায়ত ১০ৰাজ্যৰ ৯৬খন আসনত হয় ভোটগ্ৰহণ।

  • ২০ মে'ত পঞ্চম পৰ্যায়ত ৮ খন ৰাজ্য়ৰ ৪৯খন আসনত হয় ভোটগ্ৰহণ।

  • ২৫ মে'ত ৭খন ৰাজ্যৰ ৫৭খন আসনত অনুষ্ঠিত হয় ভোটগ্ৰহণ।

  • ১ জুনত সপ্তম তথা অন্তিম পৰ্যায়ত ৮ৰাজ্যৰ ৫৭টা সমষ্টিত হয় ভোটগ্ৰহণ।

অসমত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

  • প্ৰথম পৰ্যায়ত দেশৰ মুঠ ১০২ টা সমষ্টিৰ ভিতৰত অসমত মুঠ ৫ টা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ।

  • এই সমষ্টি কেইটা ক্ৰমে কাজিৰঙা, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট আৰু শোণিতপুৰ।

  • প্ৰথম পৰ্যায়ত অসমত মুঠ ভোটদানৰ হাৰ ৭৮.২৫ শতাংশ।

  • ডিব্ৰুগড় সমষ্টিত মুঠ ভোটদানৰ হাৰ ৭৬.৭৫ শতাংশ।

  • লখিমপুৰ সমষ্টিত মুঠ ভোটদানৰ হাৰ ৭৬.৪২ শতাংশ।

  • যোৰহাট লোকসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ ৭৯.৮৯ শতাংশ।

  • কাজিৰঙা সমষ্টিত মুঠ ভোটদানৰ হাৰ ৭৯.৩৩ শতাংশ।

  • শোণিতপুৰ লোকসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ ৭৮.৪৬ শতাংশ।

অসমৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

  • দ্বিতীয় পৰ্যায়ত অসমত মুঠ ৫ সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়।

  • এই সমষ্টি কেইটা ক্ৰমে দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, নগাওঁ আৰু শিলচৰ।

  • দৰং-ওদালগুৰি সমষ্টিত মুঠ ভোটাদানৰ হাৰ ৮২.০১ শতাংশ।

  • ডিফু সমষ্টিত মুঠ ভোটাদানৰ হাৰ ৭৫.৭৪ শতাংশ।

  • কৰিমগঞ্জ লোকসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ ৮০.৪৮ শতাংশ।

  • নগাওঁ লোকসভা সমষ্টিত মুঠ ভোটদানৰ হাৰ ৮৪.৯৭ শতাংশ।

  • শিলচৰ লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৭৯.০৫ শতাংশ।

অসমৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

  • অসমত তৃতীয় পৰ্যায়ত মুঠ ৪ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়।

  • সমষ্টি কেইটা ক্ৰমে বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ।

  • বৰপেটা সমষ্টিত মুঠ ভোটদানৰ হাৰ ৮৫.২৪ শতাংশ।

  • ধুবুৰী সমষ্টিত মুঠ ভোটদানৰ হাৰ ৯২.০৮ শতাংশ।

  • গুৱাহাটী সমষ্টিত ভোটদানৰ হাৰ ৭৮.৩৯ শতাংশ।

  • কোকৰাঝাৰ সমষ্টিত ভোটদানৰ হাৰ ৮৩.৫৫ শতাংশ।

ডিব্ৰুগড় লোকসভা সমষ্টি

সমষ্টি পুনৰ ৰ্নিধাৰণৰ পাছত এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত মুঠ ১০ বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হয়। ডিব্ৰুগড়, চাবুৱা-লাহোৱাল, দুলীয়াজান, টিংখাং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মাকুম, খোৱাং আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টি।

সমষ্টিটোৰ পূৰ্বৰ ভোটাৰ আছিল ১২,৯৭,৬৭১ জন। এইবাৰ নিৰ্বাচনত সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হয় ১৬,৫৯,৫৮৮ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৮০৯৯৯০ জন আৰু মহিলা ভোটাৰ ৮৪৯৫৬৩ গৰাকী । তৃতীয় লিংগৰ ভোটাৰ ৩৩ গৰাকী । সমষ্টিটোত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ আছে ১৯২৩ টা।‌

এইবাৰ সমষ্টিটোত মুঠ ৩ জন প্ৰাৰ্থীয়ে তিনিটা দলৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। বিজেপিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম জাতীয় পৰিষদ তথা ইণ্ডিয়াৰ পৰা লুৰীণজ্যোতি গগৈ আৰু আপৰ পৰা মনোজ ধানোৱাৰে।

লখিমপুৰ লোকসভা সমষ্টি

লখিমপুৰ লোকসভা সমষ্টিটোত এইবাৰ মহিলা ভোটাৰৰ সংখ্যা আছিল অধিক। পুৰুষ ভোটাৰতকৈ প্ৰায় দুই সহস্রাধিক বেছি মহিলা ভোটাৰ। সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা ১৫, ৬৯, ৫৩১ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ৭,৮১,৭৯৪ গৰাকী আৰু মহিলা ভোটাৰ ৭,৮৪,৪৩২ গৰাকী।

সমষ্টিটোত এইবাৰ প্ৰতিদ্বন্দিতা কৰিছে মুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে। ইয়াৰ ভিতৰত মূল যুঁজখন কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হৈছে। বিজেপিয়ে প্ৰক্ষেপ কৰিছিল সাংসদ প্ৰদান বৰুৱাক আৰু কংগ্ৰেছে উদয় শংকৰ হাজৰিকাক। তাৰোপৰি চি পি আইৰ পৰা আছিল ধীৰেণ কছাৰী, ভি পি আইৰ বীৰেণ বাইলুং, তৃণমূল কংগ্ৰেছৰ ঘনকান্ত চুতীয়া, SUCI(C) ৰ পল্লৱ পেগু আৰু নিৰ্দলীয় হিচাপে বিক্ৰম ৰামচিয়াৰী, গোবিন বিশ্বকৰ্মা।

যোৰহাট লোকসভা সমষ্টি

এইবাৰ লোকসভা নিৰ্বাচনৰ অসমৰ আটাইতকৈ আকৰ্ষণীয় সমষ্টিটোৱেই হৈছে যোৰহাট। কংগ্ৰেছৰ পৰা সাংসদ গৌৰৱ গগৈ আৰু বিজেপিৰ পৰা সাংসদ তপন গগৈয়ে প্ৰতিদ্বন্দিতা কৰিছে এই সমষ্টিত। এই দুই প্ৰাৰ্থীৰ মাজতেই হৈছে মূল যুঁজখন।

অৱশ্যে সমষ্টিটোত প্ৰতিদ্বন্দিতা কৰিছে মুঠ ৪ জন প্ৰাৰ্থীয়ে। উপৰোক্ত দুই প্ৰাৰ্থীৰ উপৰিও আন দুই প্ৰাৰ্থী ক্ৰমে একাম সনাতন ভাৰত দলৰ পৰা অৰুণ চন্দ্ৰ সন্দিকৈ আৰু নিৰ্দলীয়া ভাৱে ৰাজকুমাৰ দুৱৰা।

সমষ্টিটোত মুঠ ভোটাৰ ১৭,১৮,২৭২ গৰাকী । ইয়াৰে ৮,৪৬,৭৫৪ গৰাকী পুৰুষ আৰু ৮,৭১,৫১৬ গৰাকী মহিলা ভোটাৰ। তৃতীয় লিংগৰ ভোটাৰ আছে ২ জন। সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টি সমূহ ক্ৰমে- সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ, নাজিৰা মাজুলী, টীয়ক, যোৰহাট, মৰিয়নি আৰু তিতাবৰ।

কাজিৰঙা লোকসভা সমষ্টি

নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিত আছে মুঠ ১০ টা বিধানসভা সমষ্টি। এই সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২০,৫০,১২৬ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ১০,২৪,৮৮৩ গৰাকী আৰু মহিলা ভোটাৰ ১০,২৫,২১০ গৰাাকী। তৃতীয় লিংগৰ ভোটাৰ ৩৩ গৰাকী।

সমষ্টিটোত প্ৰতিদ্বন্দিতা কৰিছে মুঠ ১১ গৰাকী প্ৰাৰ্থীয়ে। সেইসকলৰ ভিতৰত আছে বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা, কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কী, ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ, ৰিপাব্লিকেন পাৰ্টীৰ চালেহ আহমেদ মজুমদাৰ, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ আনিমা ডেকা গুপ্তা, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আব্দুল হ'ক, বিনোদ গগৈ, দিলোৱাৰা বেগম চৌধুৰী, জ্যোতিষ্কা ৰঞ্জন গোস্বামী, তৃদীপ জ্যোতি ভূঞা আৰু অসম জন মৰ্চাৰ চেলিম আহমেদ।

শোণিতপুৰ লোকসভা সমষ্টি

শোণিতপুৰ লোকসভাৰ ৯ টা বিধানসভা সমষ্টিত মুঠ ভোটাৰ আছে ১৬,২৫,৩৬৪ গৰাকী ভোটাৰ। এই ভোটাৰসকলে এইবাৰ মুঠ 8 গৰাকী প্ৰাৰ্থীক ভোটদান কৰিলে।

ইয়াৰ ভিতৰত অৱশ্যে মূল যুঁজখন বিজেপি, কংগ্ৰেছ আৰু আপৰ মাজতে। বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত, কংগ্ৰেছৰ প্ৰাৰ্থি প্ৰেমলাল গঞ্জু আৰু আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিণ্য।

নগাওঁ লোকসভা সমষ্টি

৮ টা বিধানসভা সমষ্টিৰে গঠিত নগাওঁ লোকসভা সমষ্টিত মুঠ ভোটাৰ ১৮,০৪৪৭১ গৰাকী। সমষ্টিটোৰ পৰা এইবাৰ মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে।

তাৰ ভিতৰত মূল যুঁজখন কংগ্ৰে, বিজেপি আৰু এ আই ইউ ডি এফ মাজতেই হৈছে বুলি ধাৰণা কৰা হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থী সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিজেপিৰ সুৰেশ বৰা আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলাম।

ইয়াৰোপৰি বাকীসকল প্ৰাৰ্থী হৈছে জয় প্ৰকাশ জনতা দলৰ অনুপম বৰুৱা, অসম জন মৰ্চা দলৰ চাইফুল ইছলাম, ৰাষ্ট্ৰীয় ওলেমা কাউন্সিলৰ ৰব্বুল হক, ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জী আৰু নিৰ্দলীয় আবু ৰেহাইন উদ্দিন, আবু চামা, চামচুল আলম, নিখিল ডেকাৰজা, বিপদ ভানজন সৰকাৰ আৰু শিখা শৰ্মা।

ডিফু লোকসভা সমষ্টি

ডিফু লোকসভা সমষ্টিত আছে মুঠ ৬ টা বিধানসভা সমষ্টি। ইয়াৰ মুঠ ভোটাৰ ৮ লাখ ৯৩ হাজাৰ ০৫৮ গৰাকী।

এছ টিৰ বাবে সংৰক্ষিত সমষ্টিটোত এইবাৰ প্ৰতিদ্বন্দিতা কৰিছে মুঠ ৫ গৰাকী প্ৰাৰ্থীয়ে। তাৰ ভিতৰত বিজেপিৰ অমৰসিং তিছু, কংগ্ৰেছৰ জয়ৰাম ইংলেং, অটোনমাচ ষ্টেট ডিমাণ্ড কমিটিৰ জটচন বে', গণ সুৰক্ষা পাৰ্টিৰ জন বৰনাড চাংমা আৰু নিৰ্দলীয় হিচাপে জে আই কথাৰাে প্ৰতিদ্বন্দিতা কৰিছে।

দৰং ওদালগুৰি লোকসভা সমষ্টি

১১ টা বিধানসভা সমষ্টিৰে গঠিত দৰং ওদালগুৰি লোকসভা সমষ্টিত মুঠ ভোটাৰ আছে ২১ লাখ ৮৭ হাজাৰ ১৬০ গৰাকী।

সমষ্টিটোত মুঠ প্ৰাৰ্থী আছে ১১ গৰাকী। ইয়াৰ ভিতৰত বিজেপিৰ দিলীপ শইকীয়া, বি পি এফৰ দুৰ্গাদাস বড়ো, কংগ্ৰেছৰ মাধৱ ৰাজবংশী।

ইয়াৰোপৰি আছে ভাৰতীয় জৱান কিষাণ পাৰ্টিৰ অৰুণ বৰুৱা, ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়াৰ পৰা আবুল কাচিম, ৰাষ্ট্ৰীয় ওলেমা কাউন্সিলৰ পৰা আব্দুল হামিদ, ছচিয়েল ইউনিটি চেণ্টাৰ অৱ ইণ্ডিয়াৰ পৰা জীতেন্দ্ৰ চলিহা, ভাৰতীয় গণ পৰিষদৰ পৰা বীৰেণ বাচাক, ভোটাৰছ পাৰ্টি ইণ্টাৰনেচনেলৰ পৰা ললিত পেগু, গণ সুৰক্ষা পাৰ্টিৰ পৰা স্বৰ্ণ দেৱী আৰু নিৰ্দলীয় ভাৱে ডেনিয়েল মাদ্ৰী।

কোকৰাঝাৰ লোকসভা সমষ্টি

কোকৰাঝাৰ সংসদীয় সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৪ লাখ ৮৪ হাজাৰ ৫৭১ গৰাকী। এই সমষ্টিটোত এইবাৰ প্ৰতিদ্বন্দিতা কৰিছে মুঠ ১২ গৰাকী প্ৰাৰ্থীয়ে।

সমষ্টিটোত এইবাৰ প্ৰতিদ্বন্দিতা কৰিছে বি পি এফৰ পৰা খাম্পা বৰগয়াৰী, কংগ্ৰেছ পৰা গর্জন মুছাহাৰী, ইউনাইটেড পিপল'ছ পার্টী লিবাৰেল অৰ্থাৎ ইউ পি পি এলৰ পৰা জয়ন্ত বসুমতাৰী, অল ইণ্ডিয়া তৃণমূল কংগ্রেছ দলৰ পৰা গৌৰী শংকৰ শৰণীয়া, গণ সুৰক্ষা পার্টীৰ পৰা বিনীতা ডেকা, ভোটাৰ্ছ পার্টী ইন্টাৰনেচনেলৰ দলৰ পৰা ললিত পেগু, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অজয় নাৰ্জাৰী, জ্যোতিষ কুমাৰ দাস, তৃপ্তিনা ৰাভা, পংকজ ইস্নাৰী, পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ আৰু ৰঞ্জয় কুমাৰ ব্রহ্মই।

বৰপেটা লোকসভা সমষ্টি

বৰপেটা লোকসভা সমষ্টিৰ এইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১৯ লাখ ৬৬ হাজাৰ ৮৪৭ গৰাকী। সমষ্টিত এইবাৰ প্ৰতিদ্বন্দিতা কৰিছে মুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে।

এই প্ৰাৰ্থীসকল ক্ৰমে অসম গণ পৰিষদৰ পৰা ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ পৰা দীপ বায়ন, চি পি আই এমৰ পৰা মনোৰঞ্জন তালুকদাৰ, বি পি এফৰ পৰা চামেজ উদ্দিন, ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ পৰা আবুবক্কৰ ছিদ্দিকি, তৃণমূল কংগ্ৰেছৰ পৰা আবুল কালাম আজাদ, ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াৰ (আঠুৱাল) ৰ পৰা আমজাদ আলী, ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়াৰ (কমিউনিষ্ট)ৰ পৰা চিত্রলেখা দাস, ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ পৰা ছাহজাহান আলী খান, নিৰ্দলীয় হিচাপে এ হক,দুলু আহমেদ, জগন্নাথ ৰায়, দেৱান মহিবুল ইছলাম আৰু মতিয়াৰ ৰহমান।

কৰিমগঞ্জ লোকসভা সমষ্টি

কৰিমগঞ্জ লোকসভা সমষ্টিৰ মুঠ ভোটাৰ ১৪ লাখ ১২ হাজাৰ ১৪৮ গৰাকী। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ ৭ লাখ, ২৩ হাজাৰ ১১১ গৰাকী। মহিলা ভোটাৰ আছে ৬ লাখ, ৮৯ হাজাৰ ০২৫ গৰাকী। তৃতীয় লিংগৰ ভোটাৰ ১২ গৰাকী।

সমষ্টিটোত প্ৰতিদ্বন্দিতা কৰিছে ২৪ গৰাকী প্ৰাৰ্থীয়ে। তাৰ ভিতৰত বিজেপিৰ পৰা কৃপানাথ মাল্লা, এ আই ইউ ডি এফৰ পৰা চাহাবুল ইছলাম চৌধুৰী, কংগ্ৰেছৰ পৰা হাফিজ ৰছিদ আহমেদ চৌধুৰী, ৰাষ্ট্ৰীয় ওলেমা কাউন্সিলৰ পৰা এহেদ উদ্দিন, বেংগলী নৱ নিৰ্মাণ সেনাৰ পৰা দেৱাশীষ ঘোষ আৰু ছচিয়েল ইউনিটি চেণ্টাৰ অৱ ইণ্ডিয়াৰ পৰা প্ৰাজলইদ্দিন দেৱ। বাকী সকলে প্ৰতিদ্বন্দিতা কৰিছে নিৰ্দলীয় হিচাপে।

শিলচৰ লোকসভা সমষ্টি

শিলচৰ লোকসভা সমষ্টিত মুঠ ভোটাৰ আছে ১৩ লাখ ৬১ হাজাৰ ৪৯৬ গৰাকী। ৭ টা বিধানসভাৰে গঠিত লোকসভা সমষ্টিটোত এইবাৰ প্ৰতিদ্বন্দিতা কৰিছে ৮ গৰাকী প্ৰাৰ্থীয়ে।

ইয়াৰ ভিতৰত বিজেপিৰ পৰা মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কংগ্ৰেছৰ পৰা সূৰ্যকান্ত সৰকাৰ, ছচিয়েলিষ্ট ইউনিটি চেণ্টাৰ অৱ ইণ্ডিয়াৰ পৰা প্ৰভাস দাস, বেংগলী নৱ নিৰ্মাণ কমিটীৰ পৰা বীৰেন্দ্ৰ কুমাৰ দাস, বহুজন মহা পাৰ্টীৰ পৰা ৰাজীৱ দাস, তৃণমূল কংগ্ৰেছৰ পৰা ৰাধেশ্যাম বিশ্বাস আৰু নিৰ্দলীয় হিচাপে অনন্ত মোহন ৰয় আৰু ৰাজু দাসে।

গুৱাহাটী লোকসভা সমষ্টি

দহটা বিধানসভা সমষ্টিৰে গঠিত গুৱাহাটী লোকসভা সমষ্টিৰ মুঠ ভোটাৰ  ২০,৩৬,৮৪৬ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ১০,০১,২০০ গৰাকী, মহিলা ভোটাৰ ১০,৩৫,৫৮৮ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৫৮ গৰাকী।

সমষ্টিটোত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকল ক্ৰমে বিজেপিৰ বিজুলী কলিতা মেধি, কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী, ভাৰতীয় গণ পৰিষদৰ সামাদ চৌধুৰী, বহুজন মহাপাৰ্টীৰ চেজন গয়াৰী, একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা, ভোটাৰ্চ পাৰ্টী ইন্টাৰনেশ্যনেল দলৰ দীপক কুমাৰ বড়ো, নিৰ্দলীয় প্ৰাৰ্থী কাজি নেকিব আহমেদ আৰু কৰ্ণেল গোকুল চন্দ্ৰ সিংহ।

ধুবুৰী লোকসভা সমষ্টি

ধুবুৰী লোকসভা সমষ্টিত মুঠ ভোটাৰ আছে ২৬,৬০৮২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ ১৩,৬২,২১৭ গৰাকী আৰু‌ মহিলা‌ ভোটাৰ‌ ১২, ৯৮ ৫৮ ৫গৰাকী।‌ তৃতীয় লিংগৰ ভোটাৰ আছে ২৫ গৰাকী।

অসমৰ সৰ্বাধিক ভোটাৰ থকা এই সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে এইবাৰ ১৩ জন প্ৰাৰ্থীয়ে। সেইসকল ক্ৰমে অসম গণ পৰিষদৰ জাবেদ ইছলাম, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, ভাৰতীয় গণ পৰিষদৰ জিয়াউল হক, এছ ইউ চি আইৰ জামান মণ্ডল, ভোটাৰ্ছ পাৰ্টীৰ আইদুৰ ৰহমান,হিন্দু সমাজ পাৰ্টীৰ ৰাধাৰাণী বিশ্বাস, ৰিপাব্লিকান পাৰ্টী অৱ ইণ্ডিয়াৰ ৰেজাউল কৰিম, অসম জন মৰ্চাৰ শুকুৰ আলী, দ্যা নেচনেল ৰোড মেপ পাৰ্টী অৱ ইণ্ডিয়াৰ হাফিজ বুঢ়াউদ্দিন আৰু নির্দলীয় অলকেশ ৰয়, ফাৰুক খান আৰু বিশ্বজিৎ ৰয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in