/asomiyapratidin/media/media_files/2025/02/12/QT0udTRX4FX0wfZYhfYn.jpg)
৪গৰাকী বৰেণ্য অসমীয়া
ডিজিটেল ডেস্কঃ বৈদ্যুতিন সংবাদ মাধ্যম ND24-এ ৰাজ্যৰ ৪গৰাকী বৰেণ্য অসমীয়ালৈ আগবঢ়াইছে বিশেষ সন্মান। সংবাদ প্রতিষ্ঠানটোৰ পঞ্চম বার্ষিকী উপলক্ষে ঘোষণা কৰা হৈছে বিশেষ সন্মান। বিশিষ্ট সাহিত্যিক ৬০ নগেন শইকীয়া আৰু ইমৰান শ্বাহলৈ সংবাদ প্রতিষ্ঠানটোৱে আগবঢ়াইছে 'থানেশ্বৰ বৰা, সবিতা বৰা সোঁৱৰণী সাহিত্য মহীৰুহ' সম্মান।
আনহাতে ৰাজ্যখনৰ ২গৰাকী প্রবীণ সাংবাদিকলৈও আগবঢ়োৱা হৈছে আন এক সম্মান। বিশিষ্ট সাহিত্যিক, সাংবাদিক কনকসেন ডেকা আৰু হাইদৰ হুছেইনলৈ আগবঢ়োৱা হৈছে 'থানেশ্বৰ বৰা, সবিতা বৰা সোঁৱৰণী সংবাদ মহীৰুহ' সন্মান।
অহা ১ মাৰ্চত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ'বলগীয়া ND24ৰ পঞ্চম বার্ষিকীৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চাৰিওগৰাকী বৰেণ্য অসমীয়ালৈ আগবঢ়োৱা হ'ব এই সন্মান। অনুষ্ঠানত চলিত বর্ষত পদ্ম সন্মানেৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰা আটাইকেইগৰাকী প্রাপকক বিশেষ সম্বর্ধনা জনাব সংবাদ প্রতিষ্ঠানটোৱে।
বিয়লি ৩ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীত ৰাইজৰ সহযোগিতা কামনা কৰিছে ND24ৰ অধ্যক্ষ ও পৰিচালন সঞ্চালক কিশোৰ বৰা, সঞ্চালক পল্লবী ফুকন বৰা আৰু মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাই।