দেশ বিভাজনৰ বাবে দায়বদ্ধ জিন্না আৰু কংগ্ৰেছ! পুনৰ বিতৰ্কত এনচিইআৰটি...

কিতাপখনত জৱাহৰলাল নেহৰু, মহম্মদ আলী জিন্না আৰু লৰ্ড মাউণ্টবেটেনৰ ছবি ছপা হৈছে। লগতে উল্লেখ কৰিছে যে, জিন্নাই পাকিস্তান সৃষ্টিৰ দাবী কৰিছিল।

New Update
1

ডিজিটেল ডেস্কঃ  নতুন পৃষ্ঠা সংযোজন কৰি পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে এনচিইআৰটিয়ে। দেশ বিভাজনৰ বাবে জিন্না আৰু মাউণ্টবেটেনৰ লগতে কংগ্ৰেছক দোষাৰোপ কৰি এনচিইআৰটিয়ে প্ৰস্তুত কৰিছে নতুন মডিউল।

Advertisment

ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যপুথিত ভাৰত বিভাজন আৰু পাকিস্তান সৃষ্টিৰ বাবে মহম্মদ আলী জিন্না, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু লৰ্ড মাউণ্টবেটেনক দোষাৰোপ কৰি এক নতুন পৃষ্ঠা সংযোজন কৰি বিতৰ্কৰ সন্মুখীন হৈছে নেচনেল কাউন্সিল ফৰ এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ।

জানিব পৰা মতে, এনচিইআৰটিয়ে দুটা ভিন্ন মডিউল মুকলি কৰিছে। য'ত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ এটা পৃথক মডিউল আছে আৰু নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ এটা পৃথক মডিউল মুকলি কৰা হৈছে। ইয়াত দেশ বিভাজনৰ বাবে নেহৰুক দোষাৰোপ কৰা হৈছে।

এই পাঠ্যক্ৰম এনচিইআৰটিৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ আৰু অতি সোনকালে ইয়াক ছপা কৰি বিদ্যালয়সমূহত বিতৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে। এই গ্ৰন্থখন ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ শিশুসকলৰ বাবে সমাজ বিজ্ঞানত সংযুক্ত কৰা হ'ব।

কিতাপখনত জৱাহৰলাল নেহৰু, মহম্মদ আলী জিন্না আৰু লৰ্ড মাউণ্টবেটেনৰ ছবি ছপা হৈছে। লগতে উল্লেখ কৰিছে যে, জিন্নাই পাকিস্তান সৃষ্টিৰ দাবী কৰিছিল। জিন্নাৰ দাবীত কংগ্ৰেছে সহমত জনাই দেশ বিভাজন কৰিলে। শেষত মাউণ্টবেটেনে বিভাজনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে।

তথ্য অনুসৰি এই কিতাপখনৰ শিৰোনাম ‘বিভাগ কে দোষী’ বুলি দিয়া হৈছে। ইফালে এই সন্দৰ্ভত এতিয়া ৰাজনীতি আৰম্ভ হোৱা বুলি কংগ্ৰেছে কিতাপখনৰ বিৰোধিতা কৰিছে।

আনহাতে কিতাপখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা উক্তিও দিয়া হৈছে, য’ত তেওঁ কৈছিল যে, "বিভাজনৰ যন্ত্ৰণা কেতিয়াও পাহৰিব নোৱাৰি। আমাৰ বহু ভাই-ভনীক গৃহহীন কৰি পেলোৱা হ’ল। সেইবাবেই এই কথা কোনেও পাহৰিব নোৱাৰে।"

NCERT