কোকৰাঝাৰৰ ঘৰৰ গেৰেজত থকা গাড়ীৰ টোল টেক্স কাটিলে নাজিৰাখাট টোলগেটে...

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰৰ ঘৰৰ গেৰেজত থকা গাড়ীৰ টোল টেক্স কাটিলে নাজিৰাখাট টোলগেটে...

kokrajhar

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰা নিৱাসী ভৰত চন্দ্ৰ নাথৰ নামত থকা এল্ট' গাড়ীখন (এ এছ ১৬ এফ , ৯৫২৫) ঘৰৰ গেৰেজত থকা অৱস্থাতে সোণাপুৰৰ নাজিৰাখাট টোলগেটে টোলটেক্স কটাৰ দৰে চাঞ্চল্যকৰ ঘটনাৰ পিছত আজি নিশা ভৰত চন্দ্ৰ নাথৰ সন্তান তথা সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথ নাজিৰাখাট টোলগেটত উপস্থিত হৈ টোলগেট কৰ্তৃপক্ষক জবাবদিহি কৰে ।

Advertisment

বিগত কেবামাহ ধৰি ঘৰৰ গেৰেজতে পৰি থকা গাড়ীখনৰ পৰা কেনেকৈ টোলটেক্স কাটিলে বুলি জবাবদিহি কৰাত চিচি ফুটেজ চাই ভুল হোৱা বুলি স্বীকাৰ কৰে টোল টেক্স সংগ্ৰহ কৰাসকলে। ইয়াৰ উপৰিও তেওঁলোকে অহা ১০ দিনৰ ভিতৰত ভুলকৈ কাটি লোৱা টোল টেক্স পুনৰ ঘুৰাই দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে, ঘৰৰ গেৰেজত গাড়ীখন থকা সত্বেও ২০০ কিলোমিটাৰৰো অধিক দূৰত্বত থকা টোলগেটৰ পৰা টোলটেক্সৰ নামত ১৩০ টকা কাটি লোৱাত হতভম্ব হৈ পৰা অৰবিন্দ নাথে আজি বিষয়বস্তুটো জানিবলৈকে কোকৰাঝাৰৰ পৰা সোণাপুৰৰ নাজিৰাঘাট টোল গেটত উপস্থিত হয় আৰু টোলগেট কৰ্তৃপক্ষক জবাবদিহি কৰে ।

টোলগেট কৰ্তৃপক্ষই নিজৰ ভুল স্বীকাৰ কৰা বুলি সদৰি কৰে অৰবিন্দ নাথে । টোলগেটসমূহে নীতিবহিৰ্ভূতভাৱে টোলটেক্স সংগ্ৰহ কৰা কাৰ্যৰ বিৰোধিতা কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ।

kokrajhar