/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ed6ac997-3981-4dac-97d4-e379a1c94e4c/b9c37d20-4252-4f61-b499-f1b525c3624e.jpg)
ডিজিটেল ডেস্কঃ আলফা স্বাধীনৰ নামত ধন দাবী কৰি নাজিৰাৰ বিহুবৰত ছালফাসহ আটক হৈছে কেইবাজনো যুৱক। সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এতিয়ালৈকে ৪গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আনহাতে সোধ-পোচৰ বাবে কেইবাজনকো থানাত আটক কৰি ৰাখিছে।
প্ৰাপ্ত খবৰ অনুসৰি, বিহুবৰ আৰু চন্টকত ব্যৱসায়ীক ধনদাবী কৰি আটক যুৱক কেইজন৷ গ্ৰেপ্তাৰ হোৱা যুৱক কেইজন প্ৰশান্ত চেতিয়া(ছালফা), কাঞ্চন বৰুৱা, পংকজ বৰগোঁহাই, ৰাহুল ৰাজখোৱা ৷ বিহুবৰ শিমলুগুৰি সোনাৰি আৰু শিৱসাগৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে যুৱককেইজনক।