পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰাঙলু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নজিবুৰ ৰহমানে

নজিবুৰ ৰহমানক চিকিৎসকে ততালিকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ আগতেই মৃত্যু হয়। মৃত্যুৰ সময়ত ৰহমানৰ বয়স ৬৩ বছৰ। 

author-image
Asomiya Pratidin
New Update
zxc

ডিজিটেল সংবাদ,কামপুৰ:  আজি এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৰাঙলু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নজিবুৰ ৰহমানে। জানিব পৰা মতে, বিয়লি প্ৰায় ২.৪৫ মিনিটত কঠীয়াতলীৰ পৰা ৰাঙলুৰ নিজ গৃহলৈ নিজা এ এছ ০২ এম ৩০৪৪ নম্বৰৰ চাৰি চকীয়া বাহন খনেৰে গৈ থকা সময়ত এজন লোকক বচাবলৈ গৈ চিংৰা পট্টিৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এজোপা গছত খুন্দা মাৰে।

Advertisment

গুৰুতৰভাৱে আহত হয় চালকৰ আসনত থকা নজিবুৰ ৰহমান। অন্যহাতে চাইকেল আৰোহী জনো আহত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আহত ৰহমানক চিকিৎসকে ততালিকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ আগতেই মৃত্যু হয়। মৃত্যুৰ সময়ত ৰহমানৰ বয়স ৬৩ বছৰ। 

অঞ্চলটোৰ এজন জনপ্ৰিয় সমাজ সেৱকৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত পত্নী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আনোৱাৰা বেগম, এজন পুত্ৰ তিনি গৰাকী কন্যা জোৱাই নাতি নাতিনী আৰু বহু আত্মীয়ক এৰি থৈ যায়।

উল্লেখ্য যে, ৰাঙলু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য, ৰাঙলু হাইস্কুলৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক, কঠীয়াতলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক, সাহিত্য সভাৰ একনিষ্ঠ সেৱক নজিবুৰ ৰহমান ৰাঙলু অঞ্চলৰ এজন জনপ্ৰিয় সমাজ সেৱক।

তেওঁৰ আকস্মিক মৃত্যুত নগাঁও জিলা সাহিত্য সভা, ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়, ৰাঙলু-নিজ কঠীয়াতলী-কঠীয়াতলী আঞ্চলিক শাখা সাহিত্য সভা, কঠীয়াতলী প্ৰেছ ক্লাব, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, ৰাঙলু গ্ৰাম বিকাশ পৰিষদ, ড০ এ পি জে আব্দুল কালাম একাডেমীৰ লগতে বহু দ'ল সংগঠনে শোক প্ৰকাশ কৰে।

কামপুৰ