চিলাপথাৰ নায়াৰ পেট্ৰল ডিপো পুনৰ মুকলি কৰাৰ বিৰুদ্ধে প্ৰতিবাদ...

ধেমাজি জিলা চিলাপথাৰত যোৱা ২৫ এপ্ৰিলত ধেমাজি জিলা অসামৰিক যোগান বিভাগে পেট্ৰল ভেজাল কৰা অভিযোগত বন্ধ কৰি দিয়া চিলাপথাৰৰ বামগাওঁ স্থিত নায়াৰা ডিপো পুনৰ মুকলি কৰাকলৈ মঙ্গলবাৰৰ পৰা সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ac59f756-bedf-4533-a77c-2e67ea97075c

ডিজিটেল সংবাদ , ধেমাজিঃ ধেমাজি জিলা চিলাপথাৰত যোৱা ২৫ এপ্ৰিলত ধেমাজি জিলা অসামৰিক যোগান বিভাগে
প্ৰেট্ৰল ভেজাল কৰা অভিযোগত বন্ধ কৰি দিয়া চিলাপথাৰৰ বামগাওঁ স্থিত নায়াৰা ডিপো পুনৰ মুকলি কৰাকলৈ মঙ্গলবাৰৰ পৰা সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ যৌথ উদ্যোগত চিচিবৰগাৱ ৰাজহ চক্ৰ বিষায়া কাৰ্যালয়ৰ সমুখত ৰূপায়ন কৰে  অনিৰ্দিষ্টকালিন অৱস্থান ধৰ্মঘট।

Advertisment

বিতৰ্কিত ব্যৱসায়ী চন্দন প্ৰসাদ নামৰ ব্যৱসায়ী জনে ধেমাজি জিলা যোগান বিভাগক মেনেজ কৰি পুনৰ ডিপোটো মুকলি কৰাৰ সুযোগ প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ তুলি যোগান বিভাগৰ পৰিদৰ্শক অজয় আগৰৱালাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠন কেইটাই ।

উল্লেখ্য যে সমগ্ৰ বিষয়টো তদন্তৰ নামত ভেকোভাওনা কৰা পৰিদৰ্শক অজয় আগৰৱালাই বিতৰ্কিত ব্যৱসায়ী চন্দন প্ৰসাদৰ সৈতে কমিচনৰ অংক কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ অতি শীঘ্ৰেই পৰিদৰ্শক অজয় আগৰৱালাক নিলম্বন কৰাৰ লগতে নায়াৰা তেল ডিপোটো অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাৰৰ দাবী জনাই প্ৰতিবাদী সংগঠন দুটাই। 

ধেমাজি