/asomiyapratidin/media/media_files/2025/06/26/1f-2025-06-26-11-29-21.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এগৰাকী ভাৰতীয় নৌ সেনাৰ কৰ্মচাৰী। দিল্লীস্থিত ভাৰতীয় নৌসেনাৰ মুখ্য কাৰ্যালয়ত নিযুক্তি বিশাল যাদৱ নামৰ কৰ্মচাৰীজনে অপাৰেচন সিন্দুৰৰ সময়ছোৱাত আই এছ আইৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখযোগ্য যে, হাৰিয়ানাৰ বাসিন্দা বিশাল যাদৱ নৌসেনাৰ মুখ্য কাৰ্যালয়ৰ ডকয়াৰ্ড সঞ্চালকালয়ত কেৰাণী হিচাপে কৰ্মৰত। তদন্তকাৰী সংস্থাই কেইবামাহ ধৰি চোৰাংচোৱাগিৰি কৰি অৱশেষত ৰাজস্থান আৰক্ষীৰ চোৰাংচোৱা শাখাই তেওঁক জিম্মাত লয়।
বিশাল যাদৱৰ চেলফোনৰ পৰা পোৱা তথ্য অনুসৰি, তেওঁ ধনৰ বিনিময়ত তেওঁৰ পাকিস্তানী হেণ্ডলাৰ এগৰাকী মহিলাক নৌসেনা আৰু অন্যান্য প্ৰতিৰক্ষা ইউনিটৰ সৈতে জড়িত গোপনীয় তথ্য প্ৰদান কৰিছিল।আৰক্ষীৰ জ্যেষ্ঠ বিষয়া বিষ্ণুকান্ত গুপ্তাই কয় যে, ৰাজস্থানৰ চি আই ডি চোৰাংচোৱা গোটে পাকিস্তানী চোৰাংচোৱা সংস্থাসমূহে চলাই থকা চোৰাংচোৱাগিৰিৰ কাম-কাজ অহৰহ নিৰীক্ষণ কৰি আছে।
যাদৱে সামাজিক মাধম্যৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱা সংস্থাৰ এগৰাকী মহিলা হেণ্ডলাৰৰ সৈতে অহৰহ সংস্পৰ্শত আছিল। নিজকে প্ৰিয়া শৰ্মা বুলি কোৱা এইগৰাকী মহিলাগৰাকীয়ে গুৰুত্বপূৰ্ণ গোপনীয় তথ্য উলিয়াবলৈ যাদৱক ধন দি আছিল বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে বিশাল যাদৱ অনলাইন গেম খেলাৰ প্ৰতি আসক্ত আছিল আৰু লোকচান পৰিশোধ কৰিবলৈ ধনৰ প্ৰয়োজন হৈছিল। তেওঁ ক্ৰিপ্টোকাৰেন্সী ট্ৰেডিং একাউণ্টৰ জৰিয়তে ধন লাভ কৰিছিল আৰু লগতে পোনপটীয়াকৈ বেংক একাউণ্টতো ধন লাভ কৰিছিল বুলি বিষয়াগৰাকীয়ে জনায়।