/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-11-at-1.17.29-PM.jpeg)
ডিজিটেল ডেস্ক: পঞ্জাৱৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে চৰণজিৎ চান্নীৰ নাম ঘোষণা হোৱাৰ পিছতেই পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজোত সিং সিদ্ধুৰ মুখ্যমন্ত্ৰী হোৱাৰ আশাত চেঁচাপানী পৰে।
এই সন্দৰ্ভত সিদ্ধুৰ পৰিয়ালে দুখ প্ৰকাশ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে। সিদ্ধুৰ কন্যা ৰাবিয়া সিদ্ধুয়ে চৰণজিৎ চান্নী আৰু দলৰ উচ্চ বিষয়া সকলক লৈ কটাক্ষ মূলক মন্তব্য কৰে।
"সম্ভৱতঃ হাইকমাণ্ডৰ কিছু বাধ্যবাধকতা আছিল। কিন্তু আপুনি এজন সৎ মানুহক বেছি দিন ৰখাব নোৱাৰে। অসৎ মানুহজনেই অৱশেষত ৰ'ব লাগিব'। তেওঁৰ পিতৃৰ বিৰুদ্ধে যুঁজ দিবলৈ চান্নীৰ সামৰ্থ নাই। ১৩৩ কোটি টকা সম্পত্তিৰ মালিক চান্নী দৰিদ্ৰ হ'বই নোৱাৰে।তেওঁৰ পিতৃ সৎ গতিকে জয়ী তেওঁ হ'বই'। পিতৃৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত এই মন্তব্য কৰে ৰাবিয়াই। মুখ্যমন্ত্ৰী পদৰ সলনি অমৃতসৰ পূৱ বিধানসভা সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ পায় সিদ্ধুয়ে।
উল্লেখ্য যে, অমৰিন্দৰ সিঙে পদত্যাগ কৰাৰ পিছত বহুতেই আশা কৰিছিল যে কংগ্ৰেছৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নৱজোত সিং সিদ্ধু হ'ব। কিন্তু সেই সময়ত কংগ্ৰেছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে চৰণজিৎ চান্নীকহে নিৰ্বাচন কৰে।
ইয়াৰ পিছত পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নৱজোত সিং সিদ্ধুৰ নাম ঘোষণা কৰিব বুলি জল্পনা-কল্পনা কৰি থকাৰ মাজতেই কংগ্ৰেছে চৰণজিৎ চান্নীৰ নাম ঘোষণা কৰে।