আজি কাৰ্গিল বিজয় দিৱস...

আজি অৰ্থাৎ ২৬ জুলাই কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ জুন মাহত কাৰ্গিলত পাকিস্তান সেনাৰ সৈতে হোৱা ভাৰতীয় সেনাৰ তুমুল সংঘৰ্ষৰ পিছতে একে বৰ্ষৰে ২৬ জুলাইত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাভূত কৰি

author-image
Asomiya Pratidin
New Update
jkjkk

ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ ২৬ জুলাই কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ জুন মাহত কাৰ্গিলত পাকিস্তান সেনাৰ সৈতে হোৱা ভাৰতীয় সেনাৰ তুমুল সংঘৰ্ষৰ পিছতে একে বৰ্ষৰে ২৬ জুলাইত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাভূত কৰি পাকিস্তান সীমান্তত উৰুৱাইছিল বিজয় ধ্বজ্জা। সেই দিন ধৰি উক্ত দিনটো পালন কৰি অহা হৈছে কাৰ্গিল বিজয় দিৱস হিচাপে।

গোলা-বাৰুদ, মিছাইলৰ শব্দই উত্তপ্ত কৰি তুলিছিল সমগ্ৰ পৰিবেশ। য'ত ৫২৭ গৰাকী সেনাই দেশৰ বাবে প্ৰাণ আহুতি দিছিল। এই বহুজনৰ লগতে দেশৰ কাৰণে জীৱন বলিদান দিছিল অসম সন্তান বীৰ শ্বহীদ কেপ্টেইন জিন্টু গগৈয়ে। ১১ দিন পৰ্যন্ত মুখত এটুপি পানী নিদিয়াকৈয়ে যুদ্ধত অবতীৰ্ণ হৈছিল ভাৰতীয় জোৱানসকল। তীব্ৰ খাদ্য সংকটত পৰা সৈনিক সকলৰে ৭ জন সৈনিকে মাত্ৰ এটা ৰঙালাও খাই কটাবলগীয়া হৈছিল ৪টাকৈ দিন।

দেশৰ বাবে শ্বহীদ হোৱা এই জোৱানসকলক আজি দেশজুৰি স্মৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাজনে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে বীৰ শ্বহীদসকলক।দেশৰ বাবে বলিদান দিয়া এই বীৰ জোৱানসকলক সশ্ৰদ্ধ স্মৰণ।

কাৰ্গিল