ভাল খবৰঃ একে সময়তে দুটা পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব শিক্ষাৰ্থীয়ে…

ভাল খবৰঃ একে সময়তে দুটা পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব শিক্ষাৰ্থীয়ে…

author-image
asomiyapratidin
New Update
ভাল খবৰঃ একে সময়তে দুটা পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব শিক্ষাৰ্থীয়ে…

ডিজিটেল ডেস্কঃ বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউ জি চিৰ এক নতুন নীতিয়ে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰাৰ লগতে আশাৰ খবৰ কঢ়িয়াই আনিছে। এই নতুন নীতি অনুসৰি এতিয়াৰে শিক্ষাৰ্থীসকলে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত দুটা বিষয়ত একে সময়তে পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব। মঙ্গলবাৰে এই সম্পৰ্কে ঘোষণা কৰিছে ইউ জি চিৰ মূৰব্বী এম জগদীশ কুমাৰে।

Advertisment

আগন্তুক সপ্তাহত এই নতুন নীতিৰ বিষয়ে সবিশেষ প্ৰকাশ কৰিব আয়োগে। এই নীতি বাহাল হোৱাৰ ফলতে একোজন শিক্ষাৰ্থীয়ে একে সময়তে দুটা পাঠ্যক্ৰম গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। ইউ জি চিৰ মূৰব্বীগৰাকীয়ে উল্লেখ কৰা অনুসৰি শিক্ষাৰ্থীসকলে এটা শ্ৰেণীকোঠাৰ পাঠ্যক্ৰম আৰু এটা অনলাইন পাঠ্যক্ৰম গ্ৰহণ কৰিলে উপকৃত হ'ব।

উল্লেখ্য যে এই নতুন নীতি সকলো মহাবিদ্যাল.য় বিশ্ববিদ্যালয়ৰ বাবে বাধ্যতামূলক নহয়। নিজৰ সুবিধামতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে এই নতুন নীতি কাৰ্যকৰী কৰিব পাৰিব।