/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-05/oq296z3v/AP FOR WEB 2.jpg)
ডিজিটেল ডেস্কঃ সমগ্র দেশত আজি শিক্ষক দিৱস পালন কৰা হৈছে। শিক্ষাবিদ তথা প্রাক্তন বাষ্ট্রপতি ড০ সর্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি এই দিবস পালন কৰা হয়। এই উপলক্ষে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে বৃহস্পতিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ ৮২ গৰাকী শিক্ষক-শিক্ষয়িত্রীক ২০২৪ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্রদান কৰিব।
শিক্ষক-শিক্ষয়িত্রীসকলৰ অসাধাৰণ অৱদানৰ উদযাপন আৰু স্কুলীয়া শিক্ষাৰ মান উন্নত কৰাৰ লগতে শিক্ষার্থীসকলৰ জীৱন সমৃদ্ধ কৰা একাংশ শিক্ষকক সম্মানিত কৰাই ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰ মূল উদ্দেশ্যে। স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগে এই বছৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰ বাবে ৫০ গৰাকী শিক্ষক-শিক্ষয়িত্রীক বাঁচনি কৰিছে। স্বচ্ছ আৰু অনলাইন প্রক্রিয়াৰে জিলা, ৰাজ্য আৰু ৰাষ্ট্রীয় পর্যায়ত এই শিক্ষকসকলক বাঁচনি কৰা হৈছে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ এইগৰাকী শিক্ষক। দেশৰ ৫০গৰাকী শিক্ষকলৈ আগবঢ়োৱা এই বঁটাৰ বাবে অসমৰ পৰা নিৰ্বাচিত হৈছে দুলীয়াজানৰ শিক্ষক দ্বীপেন খনিকৰ। ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাৰ বাবে অসমৰ পৰা এককভাৱে নিৰ্বাচিত হৈছে চিচিয়া বকুলনী উচ্চ ইংৰাজী বালিকা বিদ্যালয়ৰ শিক্ষক দ্বীপেন খনিকৰ।
ইয়াৰ উপৰি উচ্চ শিক্ষা বিভাগৰ ১৬ গৰাকী আৰু দক্ষতা বিকাশ তথা উদ্যমশীলতা মন্ত্ৰ্যালয়ৰ অধীনৰ ১৬ গৰাকী শিক্ষক-শিক্ষয়িত্রীক সম্মানিত কৰা হ'ব। ৰাষ্ট্রীয় কৃতী শিক্ষক বঁটাত প্রমাণ-পত্র, নগদ ৫০ হাজাৰ টকা আৰু এটা ৰূপৰ পদক আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us