গহপুৰত এ বি ভি পিৰ ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস উদযাপন

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গহপুৰ নগৰ আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ শাখাৰ উদ্যোগত ছয়দুৱাৰ মহাবিদ্যালয়ত বুধবাৰে ৭৭ সংখ্যক ৰাষ্ট্রীয় বিদ্যাৰ্থী দিৱস উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
368

ডিজিটেল সংবাদ, গহপুৰ : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গহপুৰ নগৰ আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ শাখাৰ উদ্যোগত ছয়দুৱাৰ মহাবিদ্যালয়ত বুধবাৰে ৭৭ সংখ্যক ৰাষ্ট্রীয় বিদ্যাৰ্থী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত ২০২৫ বর্ষৰ স্নাতক পৰীক্ষাত  ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত ৯.০৫ CGPA নম্বৰ লৈ উত্তীর্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত প্রথম শ্রেণীৰ প্রথম স্থান লাভ কৰা একলব্য এম বৰাক সম্বৰ্ধনা জনায়।

একেদৰে বড়ো বিষয়ত  প্রথম শ্রেণীৰ দ্বিতীয় স্থান লাভ কৰা কুমাৰ বসুমতাৰী, উদ্ভিদ বিজ্ঞান বিষয়ত প্রথম শ্রেণীৰ তৃতীয় স্থান পোৱা সুৰজ দাস, বড়ো বিষয়ত  প্রথম শ্রেণীৰ চতুর্থ স্থান লাভ কৰা চৰনচাৰ বসুমতাৰী, ইতিহাস বিষয়ত প্রথম শ্রেণীৰ সপ্তম স্থান পোৱা মৃগাং কামান কুলি, ৰাজনীতি বিজ্ঞান বিষয়ত প্রথম শ্রেণীৰ দশম স্থান দখল কৰা প্ৰীতিশা বৰাক অভিনন্দন জনোৱা হয়।

অনুষ্ঠানত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুত, ভুৱন শইকীয়া, ছয়দুৱাৰ মহাবিদ্যালয়ৰ গণ সংযোগ বিভাগৰ তত্বাৱধায়কতথা বক্তা প্ৰাচুৰ্য্য শৰ্মা, অভিজিৎ দাস, লোহিত বৰুৱা, শংকৰ চেত্ৰী,কংকন ভূঞা, অশোক দাস, জ্ঞানজ্যোতি শৰ্মা, যাদৱ দাস আৰু মৃগাংক বৰুৱাকে ধৰি যথেষ্ট সংখ্যক এবিভিপিৰ কাৰ্যকৰ্তা উপস্থিত থাকে।

gohpur abvp