/asomiyapratidin/media/media_files/2025/04/19/pgqiLAlj3Bv6NGhm2BLB.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি(National Service Scheme) গোটৰ অধীনস্থ ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আজিৰে পৰা সাতদিনিয়াকৈ অনুষ্ঠিত হৈছে বিশেষ শিবিৰ। ধিং মহাবিদ্যালয়ৰ দ্বাৰা প্ৰতিপালিত গাঁও তিনি নং কান্ধুলিমাৰি গাঁও স্থিত ছহিদ লুহিত দাস স্মৃতি ক্ষেত্ৰত আৰম্ভ হৈছে এই বিশেষ শিবিৰ।
ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই আজি শুভাৰম্ভণি কৰি "NSS ইউনিটৰ এই বিশেষ শিবিৰৰ দ্বাৰা ছাত্র-ছাত্রীসকলক এই আঁচনিৰ কৰ্মৰাজীত পোনপটীয়াকৈ অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হয়। এই শিবিৰৰ বিষয়বস্তু হৈছে ছাত্র-ছাত্রীসকলক উৎসাহিত কৰা, তেওঁলোকৰ বাবে কাৰ্যসূচী নিৰ্ধাৰণ কৰা, আৰু তেওঁলোকৰ কামৰ বাবে সহযোগিতা আগবঢ়োৱা। যাতে ভবিষ্যত জীৱনৰ তেওলোক আগুৱাই যাব পাৰে।
বুলি মন্তব্য কৰে। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ধিং মহাবিদ্যালয় গোটৰ তত্বাৱধায়ক ড০ মুকুট মনি শইকীয়াই উদেশ্য ব্যখ্যা কৰি "ধিং মহাবিদ্যালয়ৰ চৌপাশ থকা পাঁচ খন গাঁৱক প্ৰতিপালিত গাঁও হিচাপে লৈ, বিভিন্ন সেৱাসমূহ আগবঢ়োৱা হৈছে। বিষেশকৈ এই প্ৰতিপালিত গাঁও সমূহৰ আৰ্থসামাজিক পিয়ল সম্পন্ন কৰাৰ ওপৰিও, স্বাস্থ্য সেৱা, শিশুৰ পৰিপুষ্টি, অনাময় সজাগতা, দুখীয়া পৰিয়ালক বস্ত্ৰ বিতৰন আদি বিভিন্ন কাৰ্যসূচীৰে সহায় আগবঢ়োৱা হৈছে।
বুলি ভাষন প্ৰসংগত উল্লেখ কৰে। আৰম্ভণি অনুষ্ঠানত অধ্যাপক ডম্বৰুধৰ কাকতি, সমাজকৰ্মী প্ৰফুল্ল বৰা, ছহিদ লুহিত দাস প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বন্দনা বৰায়ো ভাষন প্ৰদান কৰে। আজি আৰম্ভণিৰ দিনা সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি সাদিন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক তথা এন ই এ আই ডিৰ সমন্বয়ক দিব্যজ্যোতি বৰুৱাই জীৱন কৌশল(life skill)ৰ প্ৰশিক্ষণ প্ৰদান কৰে।
বৰুৱাই "আত্ম-সচেতনতা, সহানুভূতি, জটিল চিন্তা, সৃজনীশীল চিন্তা, সিদ্ধান্তকৰণ, আন্তঃব্যক্তিক সমন্ধ, দক্ষতাপূৰ্ণ যোগাযোগ, আৱেগ নিয়ন্ত্ৰণ, দুশ্চিন্তা নিয়ন্ত্ৰণ এই দহটা জীৱন কৌশলৰ বিষয়ে কাৰ্যকলাপ, খেল আৰু বক্তৃতা মাজেৰে বিশ্লেষণ কৰে। এই শিবিৰটোত আজিৰ পৰা যোগাসনৰ প্ৰশিক্ষণ আৰম্ভ কৰে আৰোগ্য যোগ কেন্দ্ৰ ধিঙৰ সম্পাদক ৰূপজ্যোতি কৰ, ত্ৰিশাল দে আৰু সহযোগী সকলে।
"যুৱ শক্তিৰ মাজত কৌশল বিকাশ(Skill Development)ৰ জৰিয়তে উদ্যমীতাৰ বাবে এক শক্তি" শীৰ্ষক লক্ষ্যৰে অনুষ্ঠিত এই সাত দিনীয়া শিবিৰত পৰবৰ্তী দিনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ মূৰব্বী অধ্যাপিকা ড০ ৰূপশ্ৰী দেৱী, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, বিশ্ব বেংকৰ পৰামৰ্শদাতা(consultant) ড০ হাৰুণ আহমেদ, ৰাজীব দত্ত, প্ৰভাত চন্দ্ৰ দাসকে আদি কৰি কেইবাগৰাকী সমল ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰিব।
ধিং মহাবিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে ছহিদ লুহিত দাস প্ৰাথমিক বিদ্যালয়ৰ কনকন ছাত্ৰ ছাত্ৰী, তিনি নং কান্ধুলিমাৰি গাঁৱৰ ৰাইজৰ অংশ গ্ৰহণেৰে অনান্য পৰিবেশৰ মাজত অনুুষ্ঠিত শিবিৰতজেষ্ঠ নাগৰিক গোবিন দাসকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। আনহাতে এই শিবিৰৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে গাঁও খনৰ ১০০ ঘৰ লোকৰ ঘৰে ঘৰে গৈ এক আৰ্থ সামাজিক পিয়লো চলাব বুলি জানিবলৈ দিছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us