/asomiyapratidin/media/media_files/2025/08/03/1-2025-08-03-15-44-41.jpg)
ডিজিটেল সংবাদ,দিল্লীঃ দক্ষিণ এছিয়ান বিশ্ববিদ্যালয়ত ১ আৰু ২ আগষ্টত “ড্ৰাগছ এণ্ড নাৰ্কটিকছ ট্ৰেড এণ্ড ইয়াৰ ইমপেক্ট অন ছ’চিয়েল ষ্টেবিলিটি এণ্ড নেচনেল ছিকিউৰিটি উইথ স্পেচিয়েল ৰেফাৰেন্স টু উত্তৰ-পূব ভাৰত” বিষয়ক ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হয়।
চেণ্টাৰ ফৰ ইণ্ডো-আছিয়ান ষ্ট্ৰেটেজিক ষ্টাডিজ (চিআইএএছএছ), গুৱাহাটীত দক্ষিণ এছিয়ান ইউনিভাৰ্চিটি (এছএউ)ৰ সহযোগত; দিল্লী বিশ্ববিদ্যালয়ৰ হন্সৰাজ কলেজ; আৰু ইণ্ডিয়ান কাউন্সিল অৱ ছ’চিয়েল ছায়েন্স ৰিচাৰ্চ (আইচিএছএছআৰ), নতুন দিল্লীৰ উদ্যোগত এই সন্মিলনৰ আয়োজন কৰে।
আলোচনা চক্ৰত উত্তৰ-পূব ভাৰতত ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ৰ ক্ৰমবৰ্ধমান ভাবুকি, সমাজ, অৰ্থনীতি, আৰু নিৰাপত্তাৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰীক্ষা কৰাৰ লগতে বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ সৈতে আঞ্চলিক আৰু সীমা অতিক্ৰম কৰা সংযোগৰ বিষয়েও আলোচনা কৰা হয়। উদ্বোধনী অধিৱেশনত মুখ্য ভাষণ প্ৰদান কৰে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই।
উল্লেখ্য যে, প্ৰথম দিনটোৰ অধিবেশনসমূহে ভাৰত-আছিয়ানৰ নিচাযুক্ত দ্ৰব্য ব্যৱসায়ৰ পৰিসৰ, আৰু অৰ্থনৈতিক আৰু সামাজিক প্ৰভাৱৰ লগতে ইয়াৰ নিৰাপত্তাৰ চিন্তাক সামৰি লৈছিল। বক্তাসকলৰ ভিতৰত আছিল মেঘালয়ৰ প্ৰাক্তন ডিজিপি ড০ এল.আৰ. বিষ্ণোই, এছ এছ বিৰ প্ৰাক্তন বিশেষ ডিজি জ্যোতিৰ্ময় চক্ৰৱৰ্তী, আই আৰ এছ ড° অনিছ চেৰকুন্নাথ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি।
দ্বিতীয় দিনটোত সম্ভৱপৰ সমাধান আৰু বহুমাত্ৰিক পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ স্থায়ী অধিৱক্তা শ্ৰী দেবোজিত বৰকাকতি, গাঁও প্ৰতিৰক্ষা সংস্থা, অসমৰ উপদেষ্টা ড° পাৰ্থ প্ৰতিম দাস আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থ সাৰথি মহন্ত দৰে বিশেষজ্ঞসকলে ড্ৰাগছৰ বিপদৰ বিৰুদ্ধে যুঁজিবলৈ আইনী কাঠামো, বলবৎকৰণ আৰু সম্প্ৰদায় পৰ্যায়ৰ কৌশলৰ বিষয়ে বক্তব্য আগবঢ়ায়।