Advertisment

বৰমাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

ন'বেল বঁটা বিজয়ী বিশিষ্ট বিজ্ঞানী ,আৱিস্কাৰক  চি ভি ৰমনক সন্মান জনোৱাৰ বাবে ৰাষ্ট্ৰজুৰি পালন কৰা বিজ্ঞান দিৱস আজি বৰমাৰ ওচৰৰ খাৰুৱা মিলন হাইস্কুলত অসম বিজ্ঞান সমিতি বৰমা শাখাৰ উদ্যোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বৰমা ব্লকৰ সহযোগত উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
বৰমাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

বৰমাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

ডিজিটেল সংবাদ, বৰমা : ন'বেল বঁটা বিজয়ী বিশিষ্ট বিজ্ঞানী ,আৱিস্কাৰক  চি ভি ৰমনক সন্মান জনোৱাৰ বাবে ৰাষ্ট্ৰজুৰি পালন কৰা বিজ্ঞান দিৱস আজি বৰমাৰ ওচৰৰ খাৰুৱা মিলন হাইস্কুলত অসম বিজ্ঞান সমিতি বৰমা শাখাৰ উদ্যোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ বৰমা ব্লকৰ সহযোগত উদযাপন কৰা হয় । এই উপলক্ষে শিক্ষকৰ দ্বাৰা বিজ্ঞানৰ যাদু আৰু ছাত্ৰ- ছাত্ৰীয়ে প্ৰস্তুত কৰা বিজ্ঞানৰ প্ৰকল্প প্ৰদৰ্শন কৰে ।

Advertisment

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন উপলক্ষে অনুষ্ঠিত কৰা মুকলি সভাত সভাপতিত্ব কৰে খাৰুৱা মিলন হাইস্কুলৰ প্ৰধান শিক্ষক ৰঞ্জিত বৈশ্যই । বিজ্ঞান শিক্ষক অমিত কুমাৰ শৰ্মাই উদ্যেশ্য ব্যাখ্যা কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বি এইচ বি সৰুপেটা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড° ফণীধৰ তালুকদাৰে ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানমনস্কতাৰ ওপৰত গুৰত্ব দিবলৈ আহ্বান জনায় ।

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

 

তেওঁ ছাত্ৰ-ছাত্ৰীসকলক অনুসন্ধিৎসু মনেৰে বিজ্ঞান বিষয় অধ্যয়ন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে প্ৰতিটো ঘটনা পৰিঘটনা যুক্তিৰে বিচাৰ কৰিব লাগে বুলি উল্লেখ কৰে । সভাত আন এজন বিশিষ্ট অতিথি অসম বিজ্ঞান সমিতিৰ ৰাজ্যিক সদস্য  জিতু কলিতাই  বক্তব্য আগবঢ়াই চি ভি ৰমনৰ  'ৰমন পৰিঘটনা'ৰ আৱিস্কাৰৰ আৰৰ মনোৰম কাহিনী ছাত্ৰ- ছাত্ৰীসকলক অৱগত কৰে ।

তেওঁ সূৰ্যৰ পোহৰ কেনেদৰে বিচ্ছুৰিত হয় তাৰ বিষয়েও  ব্যাখ্যা আগবঢ়ায় । বিজ্ঞান দিৱস উদযাপনৰ মুকলি সভাত উপস্থিত থাকি বৰমা মহাবিদ্যালয়ৰ প্ৰবক্তা জয়ন্ত কুমাৰ দাস, সাংবাদিক দিলীপ কুমাৰ হালৈয়েও বিজ্ঞান দিৱসৰ তাৎপৰ্যৰ বিষয়ে বক্তব্য আগবঢ়ায় ।

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

 

দুয়োজনে বক্তব্যৰ জৰিয়তে বিজ্ঞানৰ উৎকৰ্ষ সাধনত সকলৰে সহযোগ কামনা কৰে । সভাৰ অন্তত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰত থকা  টেলিস্কোপকে ধৰি বিজ্ঞানৰ বিভিন্ন সজুলিৰ  বিষয়ে সম্যক ধাৰণা দিয়া হয় ।

বিজ্ঞান  দিৱসত  শিক্ষক বীৰেন তালুকদাৰ,মুনিন্দ্ৰ কুমাৰ শৰ্মা,ডেইজী বৰকাকতি, কল্পনা ডেকা,মীনাক্ষী দাস,শ্বৰিফুল হক আৰু গকুল বৰ্মন উপস্থিত থাকি সহযোগ আগবঢ়ায় ।

national science day