চিলাপথাৰত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে ধেমাজি জিলাৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় আৰু চিলা জনজাতি হাইস্কুলতো পালন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

চিলাপথাৰত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

ডিজিটেল সংবাদ, চিলাপথাৰ : সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে ধেমাজি জিলাৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় আৰু চিলা জনজাতি হাইস্কুলতো পালন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত বিজ্ঞান দিৱসৰ কাৰ্যসূচী জাতীয় সংগীত আৰু বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়।

Advertisment

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নলিনী দলেৰ সঞ্চালনাত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত আদৰণী ভাষণ আগবঢ়াই অধ্যক্ষ ড: ৰঞ্জিত শইকীয়াই।  সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা চিচিবৰগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নয়নমণি মহন্তক প্ৰদান কৰা হয় 'বেষ্ট মিডিয়া এৱাৰ্ড'। 

লগতে অঞ্চলটোৰ কেইবাজনো সংবাদকৰ্মী আৰু শিক্ষাবিদক সন্মান প্ৰদান কৰে। একেটা অনুষ্ঠানতে পালন কৰা হয় মহাবিদ্যালয়খনৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। 

ইপিনে অঞ্চলটোৰ এক পুৰণি শিক্ষানুষ্ঠান চিলা জনজাতি হাইস্কুলতো দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। গছপুলি ৰোপণ, বন্তি প্ৰজ্বলনৰ পিছতে অনুষ্ঠিত হয় বিজ্ঞানভিত্তিক মডেল প্ৰদৰ্শনী আৰু কুইজ প্ৰতিযোগিতা।

national science day