/asomiyapratidin/media/media_files/2025/02/28/y2YwzY91qaCB9pSIWB6w.jpg)
ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন
ডিজিটেল সংবাদ,ঢকুৱাখনা : "বিকশিত ভাৰতৰ বাবে বিজ্ঞান আৰু উদ্ভাৱনৰ বিশ্বব্যাপী নেতৃত্বৰ বাবে ভাৰতীয় যুৱক যুৱতীক শক্তিশালী কৰা" শীর্ষক মনোজ্ঞ আলোচনাচক্ৰৰে শুক্ৰবাৰে ঢকুৱাখনাত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । ঢকুৱাখনাত এখন বিজ্ঞানমনস্ক সমাজ আৰু শৈক্ষিক পৰিৱেশ গঢ়াত আত্মনিয়োগ কৰি অহা অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ সহযোগত আৰু শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনাৰ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰক্ষাগৃহত দিনজোৰা কৈ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসটি উদযাপন কৰা হয় ।
/asomiyapratidin/media/media_files/2025/02/28/DulHlMlTxC3U06E33ECU.jpg)
ঢকুৱাখনাৰ গৰিষ্ঠ সংখ্যক শিক্ষাব্ৰতী ,শতাধিক শিক্ষাৰ্থী আৰু প্রশিক্ষাৰ্থী উপস্থিত থকা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ আঁত ধৰে শিক্ষক প্ৰশিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনাৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই । জনাকীৰ্ণ অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকি গৱেষণামূলক বক্তব্য আগবঢ়াই ঢকুৱাখনা মহাবিদ্যালয় পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অমল চন্দ্ৰ দত্তই ৷
সমল ব্যক্তি ডঃ দত্তই ১৯৮৭ চনৰ পৰা ৰাষ্ট্ৰজুৰি উদযাপিত হৈ অহা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ তাৎপৰ্য বিচাৰ কৰি দেশত বিজ্ঞানমনস্ক পৰিবেশ সৃষ্টি কৰা, বৈজ্ঞানিক বিচাৰ বিশ্লেষনাত্মক চিন্তাধাৰাৰে যুৱ প্ৰজন্মক উদ্ধোধ কৰি নতুন দিগন্তৰ দিশত ধাৱমান কৰাৰ লগতে শিক্ষাৰ্থীসকলক নিত্য নতুন গৱেষণাৰ বাবে অনুপ্ৰাণিত কৰাৰ এক সাৰ্বজনীন প্ৰেক্ষাপট সৃষ্টি কৰাৰ মানসেৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপনৰ কৰি অহা বুলি কৈ মননশীল বক্তব্যৰে উপস্থিত সকলোকে উপকৃত কৰে ।