/asomiyapratidin/media/media_files/2025/02/28/yvoYLgyFSnYXF7ItxEIS.jpg)
বৰবৰী আৰু পাটাছাৰকুছিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন
ডিজিটেল সংবাদ, পাটাছাৰকুছি : আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বজালী জিলা আৰু অসম বিজ্ঞান সমিতিৰ পাটাছাৰকুছি শাখাৰ যুটীয়া উদ্যোগত শুকুৰবাৰে বৰবৰীস্থিত বাণী বিদ্যাল়য় উচ্চতৰ মাধ্যমিক বিদ্যাল়য়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন হয়। এই উপলক্ষে ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীৰ মাজত চিত্ৰাকংন আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।
ইয়াৰ পিছতে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বজালী জিলাৰ জিলা সমন্বয়ক তথা অসম বিজ্ঞান সমিতিৰ পাটাছাৰকুছি শাখাৰ সম্পাদক মৃন্ময় শৰ্মাই আঁত ধৰা এখনি জনপ্ৰিয় বক্তৃতা অনুষ্ঠানত বিজ্ঞান শিক্ষক মৃগাংক বৰ্মনে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি এই বৰ্ষৰ বিজ্ঞান দিৱস মূল বিষয় “বিকশিত ভাৰতৰ কাৰণে বিজ্ঞান আৰু উদ্ভাৱন ক্ষেত্ৰত বিশ্ব নেতৃত্বৰ বাবে যুৱ সমাজৰ সৱলীকৰণ” ওপৰত বক্তৃতা প্ৰদান কৰে।
অনুষ্ঠানত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা শৈক্ষিক তত্বাৱধায়ক মুনীন তালুকদাৰেও ভাষণ প্ৰদান কৰে। আনহাতে পাটাছাৰকুছিস্থিত বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগতো মহাবিদ্যালয়খনত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয়।
/asomiyapratidin/media/media_files/2025/02/28/ajTGJdfeKdhsLgHtAFgw.jpg)
পুৱা প্ৰথম কাৰ্য্যসূচী হিচাপে চি. ভি. ৰমনৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিজ্ঞান শিক্ষক তথা সমাজকৰ্মী বিপুল কাকতিয়ে। ইয়াৰ পিছতে এই উপলক্ষে বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ কিশোৰ কুমাৰ ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডাইমণ্ড গ্ৰুপ অফ ইনষ্টিটিউটৰ অধ্যক্ষ মুকুন্দ মাধৱ দত্ত আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে বিজ্ঞান শিক্ষক তথা সমাজকৰ্মী বিপুল কাকতি আৰু মহাবিদ্যালয়খনৰ শৈক্ষিক তত্বাৱধায়িকা ড০ চন্দনা দেৱীয়ে।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সহ: অধ্যাপক জ্যোতিৰ্ময় ৰয় আৰু আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড০ কৃষ্ণা তালুকদাৰে। সহ: অধ্যাপক নৱজিৎ দাসে আঁত ধৰা সভাখনত প্ৰবক্তা নৱজিৎ দাসে শলাগৰ শৰাই আগবঢ়ায়।
সভাত ভাষণ প্ৰদান কৰি মুখ্য অতিথি মুকুন্দ মাধৱ দত্তই কয় যে দৈনন্দিন জীৱন যাত্ৰাক নব্য বৈজ্ঞানিক চিন্তা আৰু উদ্ভাৱনৰ সুদুৰ প্ৰসাৰী গঠনাত্মক ভাৱধাৰা আজিৰ যুব প্ৰজন্মৰ মাজত প্ৰসাৰিত কৰিব লাগিব যিহেতু দেশ এখনৰ মূল চালিকাশক্তি হৈছে যুৱ সমাজ। লগতে ড০ চন্দনা দেৱীয়ে যুৱক- যুৱতী সকলক বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক (STEM) শিক্ষাৰ জৰিয়তে দক্ষ কৰি তুলি উদ্ভাৱনমূলক দিশত ভাৰতবৰ্ষক নেতৃত্ব দিব পৰাকৈ প্ৰস্তুত কৰিব লাগে বুলি বক্তব্য প্ৰদান কৰে।
এই মহান দিনটোত মহাবিদ্যালয়ৰ শিক্ষক প্ৰশিক্ষাৰ্থী সকলে তেওঁলোকৰ সাৰুৱা ভাষণ ৰাখি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। শেষত ৰাষ্ট্ৰীয় সংগীত পৰিবেশনেৰে সমাপ্তি কৰা অনুষ্ঠানটোত সভাপতিৰ আসন অলংকৃত কৰা ড০ কিশোৰ কুমাৰ ৰয়ে তেওঁৰ বক্তব্য আৰু মন্তব্য প্ৰদান কৰে।