ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ভাৰত ৰংগ মহোৎসৱত 'মধুমক্ষিকা'ৰ চমক

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বিশ্ব প্ৰসিদ্ধ নাট্য মহোৎসৱ 'ভাৰত ৰংগ মহোৎসৱ' লৈ এইবেলি আমন্ত্ৰিত হৈছিল একাধিক অসমীয়া নাটক। নতুন দিল্লীকে ধৰি দেশৰ ৯টা স্থানৰ লগতে শ্ৰীলংকাৰ কলম্বো আৰু নেপালৰ কাঠমাণ্ডুতো অনুষ্ঠিত হৈ আছে ভাৰত ৰংগ মহোৎসৱ।

author-image
Asomiya Pratidin
New Update
CBCBCB

ডিজিটেল ডেস্কঃ   ২৮ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বিশ্ব প্ৰসিদ্ধ নাট্য মহোৎসৱ 'ভাৰত ৰংগ মহোৎসৱ' লৈ এইবেলি আমন্ত্ৰিত হৈছিল একাধিক অসমীয়া নাটক। নতুন দিল্লীকে ধৰি দেশৰ ৯টা স্থানৰ লগতে শ্ৰীলংকাৰ কলম্বো আৰু নেপালৰ কাঠমাণ্ডুতো অনুষ্ঠিত হৈ আছে ভাৰত ৰংগ মহোৎসৱ। 

Advertisment

১২ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ দ্য লিটিল থিয়েটাৰ গ্ৰুপ প্ৰেক্ষাগৃহত সন্ধিয়া ঠিক ৬ বজাৰ লগে লগে মঞ্চস্থ হয় প্ৰসিদ্ধ নাট্যকাৰ হিল্লোল কুমাৰ পাঠক ৰচিত আৰু অসমৰ খ্যাতিমান পৰিচালক,অভিনেতা মানিক ৰয় পৰিচালিত নাটক 'মধুমক্ষিকা'।

গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত মঞ্চস্থ হোৱা ইতিমধ্যেই দৰ্শক সমাদৃত নাটকখনে নতুন দিল্লীস্থিত অসমীয়া দৰ্শকসকলৰ লগতে দেশৰ অন্য প্ৰান্তৰ দৰ্শকসকলৰ পৰাও ভূয়সী প্ৰশংসা লাভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপককে ধৰি একাংশ ছাত্ৰ-ছাত্ৰীয়েও নাটকখন উপভোগ কৰিবলৈ উপস্থিত হয়। 

নাটকখনত দিবাকৰ চৌধুৰী নামৰ এগৰাকী ডিমেনছিয়া আক্ৰান্ত বৃদ্ধৰ চৰিত্ৰ অতি দক্ষতাৰে ৰূপায়ণ কৰে পৰিচালক মানিক ৰয়ে। প্ৰিঞ্চৰ চৰিত্ৰত সুন্দৰ অভিনয় কৰে প্ৰনৱ ৰাজখোৱাই। এজন স্ক্ৰিজোফ্ৰেনিক যুৱক কনৰ চৰিত্ৰত অৰিন্দম বৰাই কৰা অভিনয় আছিল চমকপ্ৰদ।

তদুপৰি নাটকখনৰ কেন্দ্ৰীয় চৰিত্ৰ 'মধু'ৰ ৰূপত অভিনেত্ৰী ৰুণুমী শৰ্মাৰ অভিনয়ে উপস্থিত প্ৰতিগৰাকী দৰ্শককে মন্ত্ৰমুগ্ধ কৰি তোলে। এঘণ্টা দহ মিনিট দৈৰ্ঘ্যৰ নাটকখনে আৰম্ভণীৰ পৰা শেহলৈকে প্ৰতিগৰাকী দৰ্শককে মৌন হৈ প্ৰতিটো সংলাপ অনুধাৱন কৰোৱা বুলি দৰ্শকসকলে নাটকৰ শেষত মন্তব্য প্ৰকাশ কৰে।

নাটকখনৰ সফলতাৰ এটা অন্যতম কাৰণ আছিল অভিজ্ঞ পোহৰ নিৰ্দেশক ডিম্পল কুমাৰ দাসৰ পোহৰ নিৰ্দেশনা। সমান্তৰালকৈ ডিম্পল এছ. কাশ্যপৰ সংগীত সংযোজনে নাটকখনক অন্য এক মাত্ৰা প্ৰদান কৰে। প্ৰতিটো চৰিত্ৰকে জীৱন্ত ৰূপত সাজু কৰি তোলাত প্ৰভুত অৰিহণা যোগায় অৰূপ দাসৰ পটু ৰূপসজ্জাই।

নাটকখনৰ চকুত লগা দিশটো আছিল মঞ্চসজ্জা। শিৱম শইকীয়াই সাজু কৰা মঞ্চসজ্জাই নাটকখনৰ সৌন্দৰ্যবৰ্ধন কৰিছিল।সামগ্ৰিকভাৱে ভাৰত ৰংগ মহোৎসৱৰ দৰে এক বিশ্বমানৰ নাট্য মহোৎসৱলৈ নিৰ্বাচিত হৈ পৰিৱেশন কৰা হিল্লোল কুমাৰ পাঠকৰ কাব্যস্পৰ্শী নাটকখনক মানিক ৰয়ৰ পটু পৰিচালনাই এখন সৰ্বাংগসুন্দৰ আৰু অতিকৈ সফল নাটক হিচাপে গঢ়ি তোলে।

নাটকৰ শেষত প্ৰেক্ষাগৃহত বাজি উঠা উদাত্ত কৰতালি তথা উপস্থিত দৰ্শকৰ সৈতে পৰিচালক আৰু নাট্যকাৰৰ লগতে মূল অভিনেত্ৰীৰ আলাপ অনুষ্ঠানটোৰ পৰা বুজিব পৰা যায় যে নাটকখনে দিল্লীৰ এই পৰিবেশনত সাফল্য লাভ কৰিলে।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়