/asomiyapratidin/media/media_files/2025/05/16/hTWINgSIXVAv4U75I5Jm.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত চি চি আৰ টি ২০২৪-২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় জলপানি লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ জীয়ৰী আৰাধ্যা বৰাই। নগাঁৱৰ জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ ছাত্ৰী আৰাধ্যা বৰাই বিশিষ্ট পুথিচিত্ৰশিল্পী সুজিত দাসৰ তত্বাৱধানত অসমৰ পুথিচিত্ৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
উল্লেখযোগ্য যে, বৃহস্পতিবাৰে ঘোষিত ফলাফল অনুসৰি এই বছৰত অসমৰ পুথিচিত্ৰৰ বাবে এই সফলতা লাভ কৰা আৰাধ্যাই একমাত্ৰ ছাত্ৰী। আৰাধ্যা মিলনপুৰ নিবাসী ৰিতেন কুমাৰ বৰা আৰু প্ৰণতি বৰাৰ একমাত্ৰ জীয়ৰী।
আৰাধ্যাৰ এই সফলতাৰ বাবে বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে। বিশেষভাৱে উল্লেখনীয় যে, যোৱা বছৰ জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ পৰা দুগৰাকী ছাত্ৰী ক্ৰমে জন্নত তমলিনা হাসেন আৰু ফাৰিহা ইছলামে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি লাভ কৰিবলৈ সক্ষম হৈছিল।