বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন...

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বোকাখাতৰ মহকুমাধিপতি ডা০ নেহা যাদৱ

author-image
Asomiya Pratidin
New Update
বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন...

বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

ডিজিটেল সংবাদ,বোকাখাতঃ সমগ্ৰ দেশৰ লগতে বোকাখাত মহকুমা প্ৰশাসন আৰু মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় , বোকাখাতৰ উদ্যোগত তথা বোকাখাত মহকুমা সাংবাদিক সন্থা,ইলেক্ট্ৰনিকচ মিডিয়া জাৰ্নেলিষ্ট এচ'চিয়েচন,বোকাখাত আৰু বোকাখাত প্ৰেছ ক্লাৱৰ সহযোগত বুধবাৰে পুৱতি সাহিত্য সভা ভৱনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস,২০২২ উদযাপন কৰে।

Advertisment

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই সভাপতিত্ব কৰা প্ৰেছ দিৱস উপলক্ষে অনুষ্ঠিত সভাৰ আঁত ধৰে বোকাখাত প্ৰেছ ক্লাৱৰ সম্পাদক উত্তম শইকীয়াই। আদৰণি ভাষণ আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া শ্রীযুতা নীৰা ৰায়ে।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত আমন্ত্ৰিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি আপকুৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত ভৱেশ শইকীয়া আৰু জে ডি এছ জি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° জয়ন্ত দাসে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল আলোচ্য বিষয় "ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা"ৰ সন্দৰ্ভত বিশেষ বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰয়াত জ্ঞাত-অজ্ঞাত সংবাদকৰ্মী সকলৰ আত্মাৰ চিৰ শান্তিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বোকাখাতৰ মহকুমাধিপতি ডা০ নেহা যাদৱ। উক্ত অনুষ্ঠানত বোকাখাতৰ সাংবাদিক সকল,বোকাখাত তথ্য আৰু জনসংযোগ বিভাগৰ কৰ্মচাৰী আৰু স্থানীয় বিদ্যালয়ৰ ছাত্র ছাত্ৰী উপস্থিত থাকে ৷

আৰু পঢ়কঃ বিডিএফৰ বৰাক বন্ধৰ আহ্বানঃ বিজেপিৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যাৰ অভিযোগ

bokakhat NATIONAL PRESS DAY assam