Advertisment

কলিয়াবৰ প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ কলিয়াবৰ প্ৰেছ ক্লাবৰ সংবাদসেৱীৰ লগতে সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিজন সাংবাদিকক প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে

author-image
Asomiya Pratidin
New Update
keshab mahanta

ডিজিটেল সংবাদ,কলিয়াবৰ : আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ২৪ ঘন্টাই সংবাদ সেৱা কৰি যোৱা প্ৰতিগৰাকী সংবাদসেৱীৰ আজি এক বিশেষ দিন। 

Advertisment

বিগত বৰ্ষসমূহৰ দৰে এইবেলিও কলিয়াবৰ প্ৰেছ ক্লাবত উদ্‌যাপন হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ কলিয়াবৰ প্ৰেছ ক্লাবৰ সংবাদসেৱীৰ লগতে সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিজন সাংবাদিকক প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। 

'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস'ৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত ঠাইতে বাতৰি লিখা প্ৰতিযোগিতাস্থলীত মন্ত্ৰীগৰাকী উপস্থিত হৈ প্ৰতিযোগীসকলক শুভেচ্ছা জনাই সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তাৰ বিষয়ে ব্যখ্যা কৰে। এনে প্ৰতিযোগিতাই নৱপ্ৰজন্মৰ মাজত সংবাদ মাধ্যমৰ গুৰুত্ব উপলব্ধি কৰোৱাৰ লগতে সচেতন ব্যক্তি ৰূপে নিজকে প্ৰতিষ্ঠা কৰিব বুলি আশা প্ৰকাশ কৰে। 

বিয়লি কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি প্ৰদান কৰে বিশিষ্ট সাংবাদিক সভাৰাম মজুমদাৰে। নিজ জীৱনৰ সংঘৰ্ষময় সাংবাদিক জীৱনৰ বিষয়ে বৰ্ণনা কৰি ৮৪ বছৰীয়া বৰ্ষীয়ান সাংবাদিকগৰাকীয়ে ভাষণত পূৰ্বৰ আৰু এতিয়াৰ সাংবাদিকতাৰ পৰিৱৰ্তন লগতে পাঠক-শ্ৰোতা-দৰ্শকৰ চিন্তা তথা আকৰ্ষণৰ পৰিৱৰ্তন হোৱা বুলি মন্তব্য কৰে । 

এনে সময়তে গঠনমূলক চিন্তাৰে নৱপ্ৰজন্মৰ সংবাদসেৱীসকল আহ্বান জনায়। এই সভাতে 'চিয়াঁহী' নামৰ এখনি হাতেলিখা আলোচনী উন্মোচন কৰে সমাজসেৱী, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি মণিমাধৱ মহন্তই। 

মহন্তই উন্মোচনী ভাষণত বৰ্তমানৰ সংবাদজগত পৰিৱৰ্তিত ৰূপটোৰ বিষয়ে ব্যখ্যা কৰি কয় – এক সমাজসেৱাৰ ভাবেৰে এসময়ত সংবাদ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল, যি আছিল সম্পূৰ্ণ স্বাধীন আৰু নিৰেপেক্ষ। কিন্তু বৰ্তমান ইয়াৰ ব্যতিক্ৰম ঘটিছে। কিন্তু সংবাদ মাধ্যমৰ এই স্বাধীনতা আৰু নিৰপেক্ষ চৰিত্ৰটো বৰ্তাই ৰখাত সকলোৰে গুৰুত্ব ভূমিকা আছে। 

হাতেলিখা আলোচনীৰ সন্দৰ্ভত মহন্তই কয় – অতীজৰ পৰা হাতেলিখা বিভিন্ন পুথি-পাঁজিৰ যি মৰ্য্যাদা, সেই মৰ্যাদা আজিও অটুত আছে। এই হাতেলিখা ব্যৱস্থাটোত যি এক আন্তৰিকতা, একাত্মতা আছে, সি হয়তো ছপা গ্ৰন্থসমূহত কিছু হ'লেও লোপ পায়। 

কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰৰ একক প্ৰচেষ্টাক সতীৰ্থসকলে আগব বঢ়োৱা সহযোগিতাৰ ফচল 'চিয়াঁহী'ৰ এই যাত্ৰা আগলৈও ব্ৰতী থাকিব বুলি আশা প্ৰকাশ কৰে। সভাত ভাষণ প্ৰদান কৰি কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নৱীন চন্দ্ৰ বৰঠাকুৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে বিভূষিত সংবাদ মাধ্যমৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত সংবাদকৰ্মী, সংবাদ প্ৰতিষ্ঠান আৰু ৰাইজৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। এনে গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে সজাগ আৰু সচেতন কৰিবলৈকে প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠা কালৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়।

এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কলিয়াবৰ প্ৰেছ ক্লাবৰ সম্পাদক গৌতম কুমাৰ বৰাই। সভাত কলিয়াবৰ সমজিলাৰ আয়ুক্ত লিজা তালুকদাৰ উপস্থিত থাকি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনায়। 

কাৰ্যসূচীত কলিয়াবৰৰ দুটা বাতৰি কাকত বিক্ৰেতা প্ৰতিষ্ঠানৰ দুগৰাকী স্বত্বাধিকাৰী ক্ৰমে নৱীন চন্দ্ৰ বৰা আৰু পদুম চৌধুৰীক  সম্বৰ্দ্ধনা জনাই কলিয়াবৰ প্ৰেছ ক্লাবে। লগতে পুৱাতে প্ৰতিগৰাকী বাতৰি কাকতৰ গ্ৰাহকৰ ঘৰত পুৱাতেই বাতৰি কাকত যোগান ধৰা কেইবাগৰাকী বাতৰি কাকত যোগনীয়াৰ (হ'কাৰ)ক আদৰণী জনোৱা হয়। 

পুৱাবেলা কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তৰুণ মুক্তিয়াৰে পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে। তাৰ পাছতেই সংবাদ জগতৰ প্ৰয়াত জ্ঞাত-আজ্ঞাত ব্যক্তিৰ সোঁৱৰণত স্মৃতি তৰ্পণ কৰে প্ৰেছ ক্লাবৰ উপদেষ্টা ডিম্বেশ্বৰ হাজৰিকাই।

কেশৱ মহন্ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কলিয়াবৰ