Advertisment

মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত কাৰ্যালয় আৰু মাৰ্ঘেৰিটা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া কায্যালয়লৰ উদ্যোগত শনিবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
মাৰ্ঘেৰিট

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত কাৰ্যালয় আৰু মাৰ্ঘেৰিটা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া কায্যালয়লৰ উদ্যোগত শনিবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিয়লি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সভাত উদেশ্য ব্যাখ্যা কৰে জাভেদ আলিয়ে ।

Advertisment

সমজিলা আয়ুক্ত পৰীক্ষিত থৌদম,  সহ আয়ুক্ত প্ৰীতম গগৈয়ে বন্তি প্ৰজ্বলনেৰে কায্যসূচীৰ শুভাৰম্ভ কৰে । সমজিলা আয়ুক্ত পৰীক্ষিত থৌদমে আদৰণি ভাষণ দিয়া অনুষ্ঠানত মাৰ্ঘেৰিটা সমজিলাৰ  ভালেসংখ্যক সংবাদ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

ডিজিটেল যুগত গণতন্ত্ৰ বৰ্তাই ৰখাত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক বিষয়ৰ ওপৰত মুখ্য বক্তা হিচাপে বক্তব্য ৰাখে মাৰ্ঘেৰিটা জ্যেষ্ঠ সাংবাদিক মানস প্ৰতিম গগৈয়ে। গণতন্ত্ৰত সাংবাদিকতাই অপৰিহাৰ্য ভূমিকা পালন কৰে।  ই জনসাধাৰণক গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে অৱগত কৰে, ক্ষমতাত থকাসকলক জবাবদিহি কৰে, জনমত গঠন কৰাত সহায় কৰে বুলি বক্তব্য়ত উল্লেখ কৰে।

ডিজিটেল যুগত সাংবাদিকতাৰ গুৰুত্ব পূৰ্বতকৈ অধিক হৈছে বুলি মুখ্য বক্তা মানস প্ৰতিম গগৈয়ে ভাষণত উল্লেখ কৰে । সভাত সাংবাদিক সঞ্জীৱ দেউৰী, সমিৰণ বৰঠাকুৰ, বিনন্দ শইকীয়াই শুভেচ্ছামূলক  বক্তব্য আগবঢ়ায়।

ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া প্ৰণামিকা কোঁৱৰে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটিত সংবাদ কৰ্মীসকলক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।

MARGHERITA NATIONAL PRESS DAY