প্ৰাকৃতিক কৃষিৰ বাবে কেন্দ্ৰৰ ২৪৮১ কোটি টকীয়া ৰাষ্ট্ৰীয় মিছন...

এই অভিযান হ'ব দুবছৰীয়া। ইয়াৰ বাবে  গাঁও পঞ্চায়ত পৰ্যায়ত ১৫ হাজাৰ সমূহীয়া গোট গঠন কৰিব। আশা কৰা হৈছে এই অভিযানৰ জৰিয়তে প্ৰাকৃতিক কৃষি সম্প্ৰসাৰণ কৰাৰ লক্ষ্য লোৱা হৈছে।

author-image
Asomiya Pratidin
New Update
১

ডিজিটেল ডেস্কঃ প্ৰাকৃতিক কৃষি সম্প্ৰচাৰণৰ বাবে এক ৰাষ্ট্ৰীয়জোৰা অভিযান চলাব কেন্দ্ৰীয় চৰকাৰে। এই অভিযানৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় কেবিনেটে অনুমোদনো জনাইছে। এই অভিযানে দেশৰ প্ৰায় ১ কোটিৰো অধিক কৃষকক সাঙুৰি ল'ব।

অভিযানৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ২৪৮১ কোটি টকা ধাৰ্য কৰা হৈছে। এই অভিযান হ'ব দুবছৰীয়া। ইয়াৰ বাবে  গাঁও পঞ্চায়ত পৰ্যায়ত ১৫ হাজাৰ সমূহীয়া গোট গঠন কৰিব। আশা কৰা হৈছে এই অভিযানৰ জৰিয়তে প্ৰাকৃতিক কৃষি সম্প্ৰসাৰণ কৰাৰ লক্ষ্য লোৱা হৈছে।

ইয়াৰ জৰিয়তে দেশৰ প্ৰায় ৭.৫ লাখ হেক্টৰ ভূমি সামৰি লোৱা হ'ব। বৰ্তমান প্ৰাকৃতিক কৃষিয়ে ১০ লাখ হেক্টৰ ভূমিত খেতি কৰি  থকা হৈছে। এই অভিযানৰ অধীনতে ১০ হাজাৰ বায়'ইনপুট ৰিচাৰ্জ স্থাপন কৰিব যাতে প্ৰাকৃতিক কৃষিৰে জৰিত কৃষক সকলে সকলো ধৰণৰ সুবিধা পায়।

কৃষি