নগাওঁ কলেজ(অট'নমাচ)ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰ...

উদ্ভাৱনাত্মক আৰু সৃজনীমূলক মন আত্মনিৰ্ভৰশীলতাৰ ছাবি-কাঠিঃ উপাচাৰ্য মৃদুল হাজৰিকা

author-image
Asomiya Pratidin
New Update
নগাওঁ কলেজ(অট'নমাচ)ত  ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰ...

Seminar

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাওঁ কলেজ (অট'নমাচ) ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত আৰু নগাঁও কলেজৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সহযোগত আৰু ভাৰতীয় সামাজিক বিজ্ঞান অনুসন্ধান পৰিষদ(আই চি এছ এছ আৰ)ৰ পৃষ্ঠপোষকতাত "আত্মনিৰ্ভৰ ভাৰতঃ উত্তৰ-পূব ভাৰতৱৰ্ষত আগবাঢ়ি যোৱাত সুযোগ আৰু প্ৰত্যাহ্বান " শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়।

আলোচনা চক্ৰখনৰ উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° মৃদুল হাজৰিকাই এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে।

ড° হাজৰিকাই ব্যক্ত কৰে যে আমি এটা সজীৱ বাতাৱৰণত মনোযোগ দিওঁ; কিন্তু সজীৱ তেতিয়াহে হয় যেতিয়া এজন ব্যক্তি তৎপৰ আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন হয়। আমাৰ এটা উদ্ভাৱনাত্মক আৰু সৃজনীমূলক মন থকাটো অত্যন্ত প্ৰয়োজন, তেতিয়াহে আমি আত্মনিৰ্ভৰ হ'ব পাৰিম।

আত্মনিৰ্ভৰ হ'বলৈ আমি ব্যাপকভাৱে কল্পনাপ্ৰৱণ হ'ব লাগিব আৰু আৰামদায়ক অৱস্থাখিনিৰ পৰা নিজকে মুক্ত কৰিব লাগিব। অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক আৰু আলোচনা চক্ৰৰ সাংগঠনিক সম্পাদক ড° ডিম্পল ডেকাৰজাই আঁতধৰা উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা আৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষা বন্তি নেওঁগে।

অনুষ্ঠানত আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াই নগাওঁ কলেজৰ গুণগত শিক্ষা , গৱেষণা আৰু সম্প্ৰসাৰণ কাৰ্যসূচীক সামৰি এক চমু অৱলোকন উপস্থিত অংশগ্ৰহণকাৰী সকলৰ জ্ঞাতাৰ্থে দাঙি কৰে।

আলোচনা চক্ৰত মুখ্যবক্তা হিচাপে উপস্থিত থাকি ভাৰতীয় সামাজিক বিজ্ঞান অনুসন্ধান পৰিষদৰ-উত্তৰ-পূব আঞ্চলিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ভাগীৰথী পাণ্ডাই আত্মনিৰ্ভৰশীলতাৰ সুযোগ আৰু প্ৰত্যাহ্বান সম্পৰ্কে বিস্তৃত ভাৱে আলোচনা কৰি ব্যক্ত কৰে যে আত্মনিৰ্ভৰশীল হ'বলৈ সকলো দিশতে প্ৰচুৰ সম্ভাৱনাপূৰ্ণ উত্তৰ-পূব ভাৰতে নিজৰ ধাৰণ ক্ষমতা নিজেই নিৰ্মাণ কৰিব লাগিব।

দুদিনীয়া আলোচনা চক্ৰখনিত নিমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকে ছিক্কিম বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক কোমল সিংহা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ৱিশিষ্ট গৱেষক ৰাতুল মহন্ত।

দুয়োগৰাকী নিমন্ত্ৰিত বক্তাই মনোজ্ঞ বক্তৃতাৰে অংশগ্ৰহণকাৰীসকলক আপ্লুত কৰে। আলোচনা চক্ৰ খনিত ভাৰতবৰ্ষৰ বিভিন্ন শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ ৫০ ৰো অধিক অংশগ্ৰহণকাৰীৰ লগতে নগাওঁ কলেজ (অট'নমাচ) ৰ উপাধ্যক্ষ ৰামপ্ৰসাদ পউৰেল ,মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, গৱেষক ছাত্ৰ, আৰু শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

উদ্বোধনী অনুষ্ঠানৰ অন্তত অৰ্থনীতি বিভাগৰ জ্যেষ্ঠ অধ্যাপক আৰু অসম কলেজ শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ভূঞাই শলাগৰ শৰাই আগবঢ়ায়।

nagaon college