/asomiyapratidin/media/media_files/2025/04/04/HXMe2a6EZPKvdmI0MlVC.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ। "ভাৰতৰ ঔপনিৱেশিক আৰু উত্তৰ ঔপনিৱেশিক যুগৰ উওৰ-পূৱ অঞ্চলৰ বিশেষ উল্লেখিত অখ্যাত নায়িকাসকলৰ অন্বেষণ" শীৰ্ষক বিষয়ৰ আলোচনাচক্ৰৰ শুকুৰবাৰে সামৰণি পৰে।
উল্লেখযোগ্য যে, ভাৰতীয় ঐতিহাসিক অনুষ্ঠান পৰিষদৰ পৃষ্ঠপোষকতাত তথা বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ইতিহাস আৰু অৰ্থনীতি বিভাগৰ উদ্যোগত অনুষ্ঠিত আলোচনাচক্ৰখনিত সহযোগ কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আৰু জুৰীয়া মহাবিদ্যালয়ে। মহাবিদ্যালয়খনৰ অধ্যাপক শ্বফিকুল ইছলামে সঞ্চালনৰ দায়িত্ব গ্ৰহণ কৰা আলোচনাচক্ৰখনি পৰিচালনা কৰে অধ্যাপক ড০ আশ্বিক ইলাহীয়ে।
মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তই শুভাৰম্ভ কৰা আলোচনাচক্ৰৰ আৰম্ভণিতে মহাবিদ্যালয়খনিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাই বন্তি প্ৰজ্বলন কৰে। লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ শৰৎ হাজৰিকাই আৰম্ভণি ভাষণ প্ৰদান কৰে।
হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা আৰু জুৰিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হাছমত আলীকে আদি কৰি কেইবাগৰাকী অতিথিৰ উপস্থিতিত অনুষ্ঠিত আলোচনাচক্ৰত হাজী আনফৰ আলী কলেজ, ডবকাৰ অধ্যক্ষ ডাঃ মামুন আজম বাৰভূঞাই মূল ভাষণ প্ৰদান কৰে। আলোচনাচক্ৰত সমল ব্যক্তি ৰূপে অংশ গ্ৰহণ কৰে কাশ্মীৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অধ্যাপক ড০ জহিৰুল ইছলাম, ইউ এছ টি এমৰ ড০ বাহাৰুল ইছলাম, ড০ এ ৰশিদ, থং নকবে কলেজৰ ড০ আলকাফিল চৌধুৰী, ৰবীন্দ্ৰ ঠাকুৰ বিশ্ববিদ্যালয়ক ড০ নজৰুল ইছলাম বাৰভূঞা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয়ৰ ড০ অজিত দেবনাথ, চৰাইবাহী কলেজৰ ড০ বিজয় কুমাৰ নাথ, ড০ প্ৰাঞ্জল হাজৰিকা, জুৰিয়া কলেজৰ ড০ মুজাহিদুলে।
উল্লেখিত এই আটাইকেইগৰাকী সমল ব্যক্তিয়ে আলোচনাচক্ৰখনিত ভাষণ আগবঢ়ায়। এই আলোচনাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ অপৰিচিত মহিলা নায়িকাসকলৰ ইতিহাস আৰু তেওঁলোকৰ অৱদানৰ ওপৰত গভীৰ অধ্যয়ন চলোৱা হয়। যি আগন্তুক গৱেষণাসমূহৰ বাবে বিশেষ সহায়ক হ’ব। আলোচনাৰ শেষত শলাগৰ শৰাই আগবঢ়াই প্ৰণামীকা গোস্বামীয়ে।