/asomiyapratidin/media/media_files/2024/11/28/P67cpdFqqU7Q0leesOII.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : কাশ্মীৰত অনুষ্ঠিত হোৱা দ্বাদশ ৰাষ্ট্ৰীয় জুনিয়ৰ পেনকাক চিলেট চেম্পিয়নশ্বিপত উজলি উঠিছে অসমৰ কেইবাগৰাকী খেলুৱৈ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাখনত চিলাপথাৰৰ মালিনীপুৰস্থিত পেনচাক চিলেট একাডেমীৰ প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈসকলে বিশেষ পাৰদৰ্শিতা দেখুৱাই কৃতিত্ব অৰ্জন কৰে।
উল্লেখযোগ্য যে কাশ্মীৰৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত দ্বাদশ ৰাষ্ট্ৰীয় জুনিয়ৰ পেনচক চিলেট চেম্পিয়নশ্বিপত চিলাপথাৰৰ খেলুৱৈসকলে ৩ টা সোণ আৰু ৪টা ৰূপৰ পদক লাভ কৰে। প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা খেলুৱৈসকল হৈছে- লিজা চুতীয়া, মোহন কলিতা আৰু নাৰায়ণ বিশ্বকৰ্মা।
খেলুৱৈসকলে প্ৰতিযোগিতা সামৰি বুধবাৰে চিলাপথাৰ ৰে'ল ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক শুভাকাংখীসকলে বিপুল সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে। নন্দীগিৰি আত্মসহায়ক গোট, শঙ্কৰদেৱ শিশু নিকেতনৰ লগতে স্থানীয় বিভিন্ন অনুষ্ঠান তথা সংগঠনে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ইফালে দলটোৰ এই সফলতাত ৰাইজেও আনন্দ- উল্লাস প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us