নেশ্যনেল হেৰাল্ডৰ দিল্লীৰ কাৰ্যালয়ত ইডিৰ অভিযান …

নেশ্যনেল হেৰাল্ডৰ দিল্লীৰ কাৰ্যালয়ত ইডিৰ অভিযান …

author-image
asomiyapratidin
New Update
নেশ্যনেল হেৰাল্ডৰ দিল্লীৰ কাৰ্যালয়ত ইডিৰ অভিযান …

ডিজিটেল ডেস্ক:  নেশ্যনেল হেৰাল্ডৰ দিল্লীৰ কাৰ্যালয়ত মঙলবাৰে ইডিয়ে অভিযান চলায়। আনহাতে, কেইদিনমান পূৰ্বে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীক ইডিয়ে চলাইছিল জেৰা। তাৰ পাছতেই কংগ্ৰেছৰ মালিকাধীন নেশ্যনেল হেৰাল্ড বাতৰি কাকতৰ কাৰ্যালয়তো ইডিয়ে চলালে তালাচী অভিযান।

উল্লেখ্য যে নেশ্যনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰৰ গোচৰত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে ইডিয়ে জাৰি কৰিছিল চমন।

এই হেৰাল্ডৰ বিতৰ্কৰ ক্ষেত্ৰত কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে টুইটযোগে জনাই যে, "হেৰাল্ড হাউচ, বাহাদুৰ শ্বাহ জাফৰ মাৰ্গত চলোৱা অভিযান ভাৰতৰ প্ৰধান বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে অব্যাহত থকা আক্ৰমণৰ এক অংশ। মোডী চৰকাৰৰ বিৰুদ্ধে মাত মতি থকা সকলৰ বিৰুদ্ধে কৰা প্ৰতিহিংসাৰ ৰাজনীতিক তীব্ৰ ভাষাৰে গৰিহণা দিছো। আপুনি আমাক নীৰৱ কৰিব নোৱাৰে।"

আৰু পঢ়ক : মৰিয়নিত জনতা যুৱ মৰ্চাৰ সভা…

ed delhi rajib gandhi national herald soniya gandhi national congress