Advertisment

উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ নৱাগত খেলুৱৈৰ সফলতা...

প্ৰত্যাশিতভাৱে চলিত ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক পদক দিবলৈ সক্ষম হৈছে ৰাজ্যৰ ভাৰোত্তোলক আৰু সাঁতোৰ খেলুৱৈয়ে৷ আজি সাঁতোৰত অসমৰ  শুভ্ৰানশ্বিনী প্ৰিয়দৰ্শনীয়ে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ভাৰোত্তোলনত দিতিমনি সোণোৱালে ৰূপ তথা সিদ্ধান্ত গগৈয়ে

author-image
Asomiya Pratidin
New Update
উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ নৱাগত খেলুৱৈৰ সফলতা

উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ নৱাগত খেলুৱৈৰ সফলতা

ডিজিটেল ডেস্কঃ  প্ৰত্যাশিতভাৱে চলিত ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক পদক দিবলৈ সক্ষম হৈছে ৰাজ্যৰ ভাৰোত্তোলক আৰু সাঁতোৰ খেলুৱৈয়ে৷ আজি সাঁতোৰত অসমৰ  শুভ্ৰানশ্বিনী প্ৰিয়দৰ্শনীয়ে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ভাৰোত্তোলনত দিতিমনি সোণোৱালে ৰূপ তথা সিদ্ধান্ত গগৈয়ে ব্ৰঞ্জ অৰ্জন কৰে৷ ইফালে, উশ্বুত অসমৰ পদক অৰ্জনৰ জয়যাত্ৰা অব্যাহত ৰাখি মহিলাৰ টাউলু শাখাত ৰূপ লাভ কৰে পদ্মিনী নাৰ্জাৰীয়ে৷ চাৰি নৱাগত খেলুৱৈৰ এই সাফল্যৰে চলিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পদকৰ সংখ্যা নটালৈ বৃদ্ধি পাইছে৷

Advertisment

ডেৰাডুনৰ ম’নাল হলত অনুষ্ঠিত ভাৰোত্তোলনত মহিলাৰ ৬৪ কিলোগ্ৰাম শাখাত খেলা অসম কন্যা দিতিমনিয়ে মুঠ ২১৮ কিলোগ্ৰাম উত্তোলন কৰি কেৰিয়াৰৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় ক্ৰীড়াতো পদক জয় কৰিবলৈ সক্ষম হয়৷ আজি দিতিমনিয়ে স্নেচত ৯০ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১২৮ কিলোগ্ৰাম ওজন উত্তোলন কৰে৷ উল্লেখ্য যে বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত অভিষেক কৰা দিতিমনিয়ে একে শাখাতে সোণ অৰ্জন কৰিছিল৷ কেৰিয়াৰৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়াত দিতিমনিয়ে স্নেচত ৮৮ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১১২ কিলোগ্ৰামসহ মুঠ ২০০ কিলোগ্ৰাম উত্তোলন কৰিছিল৷ আজি অসম কন্যাৰ প্ৰদৰ্শন উন্নত হয় যদিও দ্বিতীয় স্থানত থাকে৷

ইয়াৰপূৰ্বে পুৰুষৰ ৬৭ কিলোগ্ৰাম শাখাত অসম সন্তান সিদ্ধান্তই মুঠ ২৮১ কিলোগ্ৰাম উত্তোলন কৰি তৃতীয় হয়৷ তেওঁ স্নেচত ১২৩ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১৫৮ কিলোগ্ৰাম ওজন উত্তোলন কৰি ক্ৰমাগত দ্বিতীয়খন ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক লাভ কৰিবলৈ সক্ষম হয়৷ স্মৰ্তব্য যে বিগত গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপ লাভ কৰিছিল সিদ্ধান্তই৷ 

অৱশ্যে গোৱাত প্ৰতিভাবান ভাৰোত্তোলকগৰাকীয়ে ৬১ কিলোগ্ৰাম শাখাত খেলিছিল৷ এবছৰ পূৰ্বে স্নেচত ১১৬ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১৫০ কিলোগ্ৰামসহ মুঠ ২৬৬ কিলোগ্ৰাম উত্তোলন কৰা সিদ্ধান্তই আজি প্ৰদৰ্শন উন্নত কৰিলেও নতুন ওজন শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিব নোৱাৰি হতাশ হয়৷ উল্লেখ্য যে কমনৱেলথ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ সিদ্ধান্তই এছিয়ান ভাৰোত্তোলনতো ব্ৰঞ্জ জয় কৰিছে৷ তদুপৰি এছিয়ান জুনিয়ৰ আৰু যুৱ ভাৰোত্তোলনত চমক সৃষ্টিৰে সোণ লাভ কৰিছে৷

উত্তৰাখণ্ড