ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ চিন্তা-দৰ্শন আৰু অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ অনন্য সমল সমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰা সংকল্পৰে কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত ২০২২ চনৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত এলানি কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। কুটুম্ব সুৰক্ষা পৰিষদৰ "সূত্ৰধাৰ" শীৰ্ষক এই কাৰ্যসূচী ২০২২ চনত উত্তৰ প্ৰদেশৰ শ্ৰী ধাম বৃন্দাবনত, ২০২৩ চনত মধ্য প্ৰদেশৰ উজ্জয়িনীত আৰু চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত প্ৰভু ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত অনুষ্ঠিত হৈছিল।
আগন্তুক বৰ্ষত "কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ ২০২৫" শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান ভাগ অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত। দেশৰ ৪০ খন বিশ্ববিদ্যালয়ৰ অংশগ্ৰহণেৰে শতাধিক অধ্যাপক-অধ্যাপিকা, গৱেষক, ছাত্ৰ ছাত্ৰীৰ লগতে শিল্পী আৰু সাধু সন্ত মহন্ত সমাবেশত অনুষ্ঠিত হ'ব বিশাল কাৰ্যক্ৰমনিকা।
২০২৫ বৰ্ষৰ চেপ্তেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহৰ ক্ষেত্ৰ দৰ্শনৰ বাবে কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাৰ লগতে কেইবাগৰাকী সত্ৰাধিকাৰ আৰু কাৰ্যকৰ্তা শনিবাৰে বটদ্ৰৱা থানত উপস্থিত হয়। বটদ্ৰৱা থানৰ কীৰ্তন ঘৰ, পদশিলাত সেৱা লৈ থানৰ নামচাৰ্য ডম্বৰুধৰ নামগোৱাকে আদি কৰি ভকত বৈষ্ণৱ, নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, শিল্পী ৰঞ্জিত মহন্ত, দিপাংকগিৰি দেৱ গোস্বামী, প্ৰদীপ গোস্বামী, শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সহকাৰী সম্পাদক তুৱাৰাম বৰুৱা, মোহন বৰুৱাকে আদি কৰি সদস্য বৃন্দৰ লগতে কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ লগত মত বিনিময় কৰি অগন্তুক অনুষ্ঠান ভাগৰ ৰূপৰেখা প্ৰস্তুত কৰে।