বটদ্ৰৱাত ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলনৰ আয়োজন...

সূত্ৰধাৰ"ৰ মঞ্চৰ পৰা প্ৰদান কৰি থকা "সংস্কৃতি সাধনা বঁটা" বঁটাটি এতিয়াৰে পৰা "ৰাজীৱ শদিয়া সংস্কৃতি সাধনা বঁটা" হিচাপে নামাকৰণ কৰি প্ৰদান কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
bfgfg

ডিজিটেল সংবাদ,চন্দ্ৰপুৰঃ   অসমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদী সংগঠন কুটুম্ব সুৰক্ষা পৰিষদে বিগত তিনি বছৰ ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ হেতু "ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন"ৰ আয়োজন কৰি আহিছে। বিগত ২০২২, ২০২৩ আৰু ২০২৪ বৰ্ষত "সূত্ৰধাৰ" শীৰ্ষক এই বিশেষ অনুষ্ঠান ক্ৰমে উত্তৰ প্ৰদেশৰ শ্ৰীধাম বৃন্দাবন, মধ্য প্ৰদেশৰ উজ্জয়িনী, আৰু উত্তৰ প্ৰদেশৰ শ্ৰীধাম অযোধ্যাত আয়োজন কৰা হৈছে। 

Advertisment

অৱশ্যে, এই বেলি ২০২৫ বৰ্ষৰ এই অনুষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপজা ভূমি অসমৰ বটদ্ৰৱাত আয়োজন কৰা হ'ব এই বিশেষ ৰাষ্ট্ৰীয় অনুষ্ঠান। আজি গুৱাহাটীৰ চন্দ্ৰপুৰৰ তাতিমাৰাত থকা পৰিষদৰ মুখ্য কাৰ্যালয় "চাণক্যপীঠ"ৰ পৰা এক বিশেষ প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই জনাই যে ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত হৈ থকা "সূত্ৰধাৰ" শীৰ্ষক এই বিশেষ অনুষ্ঠানত "সূত্ৰধাৰ - কুটুম্ব সুৰক্ষা পৰিষদ"ৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটাৰে সমাজৰ প্ৰতি বিশেষ বিশেষ ক্ষেত্ৰত বৰঙনি যোগোৱা বিশিষ্ট ব্যক্তিক সন্মান জনাই আহিছে।

 তাৰে মাজৰ এটি বিশেষ বঁটা হ'ল "সংস্কৃতি সাধনা বঁটা"। সূত্ৰধাৰ-২০২৩ আৰু সূত্ৰধাৰ-২০২৪ ত পৰিষদে এই বঁটা প্ৰদান কৰিছে অসমৰ দুগৰাকী বিশিষ্ট সংস্কৃতি সাধক ক্ৰমে দিহানামৰ লোকশিল্পী যোৰহাট জিলাৰ শ্ৰীযুত মুনিন বৰা আৰু নাগাৰা নামৰ লোকশিল্পী নলবাৰী জিলাৰ শ্ৰীযুত ৰামচৰণ ভৰালীক।

পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই জানিবলৈ দিয়া মতে "সূত্ৰধাৰ" মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ হেতু তেখেত সকলে শৰীৰত সাহস-শক্তি থকালৈকে ৰাইজৰ সহযোগত কৰি থাকিব আৰু তেতিয়ালৈকে এই বঁটা সমূহ সমাজৰ সনাতন চিন্তাক আগুৱাই নিবলৈ প্ৰয়াস কৰা বিশেষ ব্যক্তিৰ প্ৰতি সন্মান হিচাপে আগবঢ়াই যাব। 

লগতে কয় যে, প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ সংগীত সাধনাৰ প্ৰতি আমি যথেষ্ট আকৃষ্ট হৈছোঁ। সাধাৰণ ভাবে উপলব্ধ সমলকে আধাৰ হিচাপে লৈ চূড়ান্ত অৰ্থনৈতিক সংকটৰ মাজতো সংগীত সাধনা কৰি যোৱা তেনে এগৰাকী শিল্পী সঁচাকৈয়ে অমৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব।  অসমৰ অৰুণাচল প্ৰদেশৰ সীমাবৰ্তী এলেকাত জন্ম হোৱা ৰাজীৱ শদিয়াই নিজস্ব সততা, একাগ্ৰতা আৰু নিষ্ঠাৰ বলত আজি সমগ্ৰ অসমক নিজৰ গাঁওখনিলৈ টানি লৈ যাবলৈ সক্ষম হৈছে। এয়াই আচলতে এগৰাকী সাধকৰ অনন্য চিনাকি।

গতিকে, আমি পৰিষদৰ তৰফৰ পৰা অনাগত প্ৰতিটো  বৰ্ষতে আমাৰ "ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন" "সূত্ৰধাৰ"ৰ মঞ্চৰ পৰা প্ৰদান কৰি থকা "সংস্কৃতি সাধনা বঁটা" বঁটাটি এতিয়াৰে পৰা "ৰাজীৱ শদিয়া সংস্কৃতি সাধনা বঁটা" হিচাপে নামাকৰণ কৰি প্ৰদান কৰা হ'ব। এই নামাকৰণৰ দ্বাৰা গণশিল্পী গৰাকীৰ চিন্তা আৰু কৰ্মক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰোৱাই দিব পৰা হ'ব।  লগতে, এই বেলি বটদ্ৰৱাত আয়োজন হ'বলগীয়া "সূত্ৰধাৰ ২০২৫"ত গণশিল্পী ৰাজীৱ শদিয়াৰ নামত এখনি বিশেষ মঞ্চ তৈয়াৰ কৰি বিশেষ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।

বটদ্ৰৱা