/asomiyapratidin/media/media_files/2025/11/26/1-2025-11-26-15-47-58.jpg)
ডিজিটেল ডেস্কঃ আজি সংবিধান দিৱস। ২০২৫ বৰ্ষৰ সংবিধান দিৱসৰ বিষয়বস্তু হৈছে "হমাৰা সংবিধান-হমাৰা স্বাভিমান"। আজি নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্রীয় কক্ষত এই দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰাষ্ট্রপতি দ্রৌপদী মুর্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্রীয় মন্ত্রীসকল আৰু সাংসদসকলে অংশ লয়।
আজিৰ অনুষ্ঠানত ৰাষ্ট্রপতি মুৰ্মৰ নেতৃত্বত সংবিধানৰ প্রস্তাৱনা পাঠ কৰা হয়। ইয়াৰ উপৰি অসমীয়া, বড়ো, মালায়ালম, নেপালী, পাঞ্জাবী, কাশ্মীৰি, তেলেণ্ড আৰু উড়িয়া ভাষাত সংবিধানৰ অনুদিত সংস্কৰণ উন্মোচন কৰা হয়। তাৰোপৰি এখন স্মাৰক পুস্তিকাও উন্মোচন কৰা হয়।
আজি সংবিধান দিৱস উপলক্ষে পঞ্চায়তীৰাজ মন্ত্রালয়ে সমগ্র দেশতে তিনি-তৰপীয়া পঞ্চায়তীৰাজ প্রতিষ্ঠান আৰু স্থানীয় গ্রামীণ পৰিচালনা সমিতিসমূহৰ মাজত বিশেষ নিৰীক্ষণ চলোৱাৰ ব্যৱস্থা গ্রহণ কৰে। মন্ত্রালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই বছৰৰ সংবিধান দিৱস উপলক্ষে সম্পাদক বিবেক ভৰদ্বাজ আৰু জ্যেষ্ঠ বিষয়া তথা কর্মচাৰীসকলৰ উপস্থিতিত সংবিধানৰ প্রস্তাৱনা পাঠ কৰা হ'ব।
ইয়াৰ লগতে সকলো কর্মচাৰীৰ বাবে ন ইওৰ কনষ্টিটিউচন বিষয়ত কুইজ আৰু ৰচনা প্রতিযোগিতাৰো আয়োজন কৰা হ'ব। দেশৰ সকলো গাঁও পঞ্চায়তৰ সদস্যসকলে স্থানীয় ভাষাত প্রস্তাবনা পাঠ কৰাৰ লগতে সংবিধানৰ সৈতে জড়িত বিভিন্ন আলোচনা আৰু কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হ'ব বুলি মন্ত্রালয়ে প্রকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us