/asomiyapratidin/media/media_files/2024/12/18/WYZjC3pfFzzQpScTQfQj.jpg)
ডিজিটেল সংবাদ, কামপুৰ : "মই জাতীয় নায়ক নহয়, মই দেশ মাতৃৰ সেৱক, জাতিৰ চাকৰ। অসমৰ খিলঞ্জীয়া জাতি -জনগোষ্ঠী সকলৰ স্বধিকাৰ, নিজৰ মৰ্যদা, নিজৰ শাসন ক্ষমতা ঘূৰাই আনিবৰ বাবে অসম সন্মিলিত মহাসংঘই কাম কৰি গৈছে।"- এই মন্তব্য অসমৰ বিশিষ্ট জাতীয়তাবাদী নেতা তথা অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ।
বুধবাৰে কামপুৰত অসমকেশৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম তিথি উপলক্ষে সাহিত্য, সামাজিক, সাংস্কৃতিক সস্থা 'ৰ'দ' আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কামপুৰ আঞ্চলিকৰ উদ্যোগত আৰু কামপুৰৰ সকলো দল সংগঠনৰ সহযোগত অনুষ্ঠিত কৰা হয় জাতীয় চেতনা দিৱস।
/asomiyapratidin/media/media_files/2024/12/18/ZtMCeZQIXd4YRbs120fa.jpg)
এই দিৱসত উপস্থিত থাকি বিশিষ্ট জাতীয়তাবাদী নেতাজনে উক্ত মন্তব্য কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসমৰ হিন্দু আৰু মুছলামানে অসমকেশৰী অম্বিকাগিৰিৰ শপত লওক যে কোনেও বিদেশীক আশ্ৰয় নিদিয়ে, সুৰক্ষা নিদিয়ে তেতিয়াহে অসম বিদেশী মুক্ত হ'ব বুলিও মন্তব্য কৰে মতিউৰ ৰহমানে।
উল্লেখ্য যে এই সভাতে মতিউৰ ৰহমানক "জাতীয় নায়কৰ" প্ৰদান কৰিছিল যদিও এই বঁটা সম্মূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি তেওঁ উগ্ৰ ভাষণেৰে উদ্যোক্তাসকলকো সমালোচনা কৰে। ৰহমানে 'জাতীয় শ্ৰেষ্ঠ সেৱক" হিচাপে নিজকে স্বীকৃতি বিচাৰি জাতীৰ স্বাৰ্থত কাম কৰি যাব বুলি মন্তব্য কৰে।
/asomiyapratidin/media/media_files/2024/12/18/kIbKZ8TcR7uzu1MANusB.jpg)
যুৱ লেখক প্ৰমোদ বৰাই আঁত ধৰা সভাখনত জোনটি লস্কৰৰ “সাঁথৰৰ সফুৰা" নামৰ গ্ৰন্থখন উন্মোচন কৰে কামপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সভাৰাম মজুমদাৰে। মজুমদাৰে অসমকেশৰীগৰাকীৰ জন্মদিনত এখন গ্ৰন্থ উন্মোচন কৰিবলৈ পোৱাতো তেখেতৰ জীৱন ডাঙৰ সাৰ্থক বুলি উল্লেখ কৰে।
/asomiyapratidin/media/media_files/2024/12/18/zwBqeNpjp6A3R68QSPkV.jpg)
এই সভাতে সদৌ অসম খিলঞ্জীয়া নাথ পৰিষদৰ উজ্বল নাথ, জাতীয়তাবাদী যুৱ পৰিষদৰ মুখ্য সংগঠক মোবিন আহমেদ, সমাজকৰ্মী পংকজ হাজৰীকা, শিশু সাহিত্যিক দুলাল বলা, সমাজসেৱক বিৰিঞ্চি বৰা, কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছয়দুৰ ৰহমান উপস্থিত থাকে। সমাজসেৱক অমৰজ্যোতি কলিতা, অসম সন্মিলিত মহাসংঘৰ ৰাজ্যিক সংগঠক বিকাশ লস্কৰ, সমাজসেৱক সঞ্জিল লস্কৰ, প্ৰমোদ লস্কৰ আদি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।
ইয়াৰ আগেয়ে পুৱাৰ ভাগত ছহিদ তৰ্পন, বন্তি প্ৰজ্বলন, বিষ্ণু ৰাভাৰ আবক্ষ মুৰ্তিত বন্তি প্ৰজ্বলন, স্বাধীনতা সংগ্ৰামীৰ স্মৃতি বেদীত বন্তি প্ৰজ্বলন কৰা হয়। একেদৰে অসমকেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী অনুষ্ঠিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us