আজিৰে পৰা পবিতৰাৰ ঝিঝিনা ৰিজ'ৰ্টত কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সন্মিলন

অসমত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ল কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ সন্মিলন। মৰিগাঁও জিলাৰ পবিতৰাৰ ঝিঝিনা ৰিজ'ৰ্টত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সন্মিলনখন।

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা পবিতৰাৰ ঝিঝিনা ৰিজ'ৰ্টত কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সন্মিলন

ডিজিটেল সংবাদ, মায়ং : অসমত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ল কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ সন্মিলন। মৰিগাঁও জিলাৰ পবিতৰাৰ ঝিঝিনা ৰিজ'ৰ্টত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সন্মিলনখন।

Advertisment

শনিবাৰে প্ৰথম দিনা সন্মিলনৰ কাৰ্যসূচী উদ্বোধন কৰে ভূটানৰ কনচিলেট জেনেৰেল জিগমে নামগেলে। সন্মিলনখনৰ মুকলি সভাত আদৰণী ভাষণ আগবঢ়াই কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ তথা মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। একেদৰে মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকি ভাষণ আগবঢ়ায়। 

উল্লেখ্য যে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি থকা যুঁজখনত শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই থকা  কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ বাৰ্ষিক সাধাৰণ পৰিষদৰ বৈঠক তথা ৰাষ্ট্ৰীয় সন্মিলন । ২২ আৰু ২৩ মাৰ্চত মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ পাৰত অৱস্থিত জিজিনা ৰিজৰ্টত দেশৰ সৰ্ব বৃহৎ উমৈহতীয়া মঞ্চ কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ এই বৈঠক তথা সন্মিলনখনৰ  আয়োজন কৰা হৈছে। 

কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ তথা মৰিগাঁও জিলাৰ আয়ুক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দেৱাশীষ শৰ্মাৰ তৎপৰতাত এইবাৰ এই গুৰুত্বপূৰ্ণ বৈঠক মৰিগাঁও জিলাৰ মায়ঙৰ ভূমিত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। উল্লেখ্য যে কেঞ্চাৰ কেয়াৰ ইণ্ডিয়া হ'ল এটা বেচৰকাৰী সংস্থা তথা দেশৰ স্বেচ্ছাসেৱী কৰ্কট ৰোগীসকলৰ বাবে কাম কৰি থকা গোটসমূহৰ সৰ্বোচ্চ সংস্থা। 

কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টি আৰু জনসাধাৰণক শিক্ষিত কৰি তুলি এখন কৰ্কটমুক্ত পৃথিৱী গঢ়ি তোলাই এই সংস্থাৰ মূল উদ্দেশ্য ।  ইতিমধ্যে দেশ-বিদেশৰ ৪০ গৰাকী প্ৰতিনিধিয়ে এই বৈঠকত অংশগ্ৰহণ কৰে। 

দেশৰ  বিভিন্ন ৰাজ্যৰ ৪ গৰাকী পদ্মশ্ৰী সন্মানেৰে সন্মানিত ব্যক্তিয়েও এই সন্মিলনত অংশগ্ৰহণ কৰে। কাছাৰ কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ সঞ্চালক, ৰমন মেগছেছে বঁটাপ্ৰাপক ডঃ আৰ ৰবি কান্নানক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজখনত তেখেতৰ অৱদানৰ স্বীকৃতিস্বৰূপে জীৱনজোৰা সাধনা বঁটাও প্ৰদান কৰা হয়।

আনহাতে মেনেজ হেলথ ফাউণ্ডেশ্যনৰ ডঃ জয়েশ দীনেশভাই পাটিলে ভাষণ দিয়ে। "কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰত ৰোগীৰ মাৰ্গদৰ্শনৰ ক্ষেত্ৰত প্ৰয়োজনীয়তা, প্ৰত্যাহ্বান আৰু সমাধান" শীৰ্ষক বিষয়ত গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক ডঃ বিভূতি ভূষণ বৰঠাকুৰে ভাষণ প্ৰদান কৰে।  কাৰ্যসূচীৰ অংশৰূপে দ্বীপশিখা ফাউণ্ডেশ্যনৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

MAYANG