/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/1feed9d2-622b-44cd-a6a7-76e33e7c0459/GOPAL_13.jpg)
GOPAL ITALIYA
ডিজিটেল ডেস্কঃ গুজৰাটৰ আপৰ মুৰব্বী গোপাল ইটালিয়াক আটক কৰিছে দিল্লী আৰক্ষীয়ে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এক চমন লাভৰ পিছতে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ কাৰ্যালয়ত উপস্থিত হৈছিল গুজৰাট আপৰ মুৰব্বীগৰাকী। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে গোপাল ইটালিয়াক আটক কৰে।
গোপাল ইটালিয়াক দিল্লী আৰক্ষীয়ে আটক কৰাৰ পিছতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে, যিসকলে গোপাল ইটালিয়াক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকে বিদ্যালয় কিদৰে চলাব লাগে নাজানে।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় মহিলা আয়োগত উপস্থিত হোৱাৰ পিছতে গোপাল ইটালিয়াই তেওঁৰ টুইটাৰ হেণ্ডেলৰ পৰা এক টুইট কৰি কৈছিল যে, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ মুৰব্বীগৰাকীয়ে তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ ভাবুকি প্ৰদান কৰিছে। তেওঁ অভিযোগ কৰিছে মোডী চৰকাৰে পেটেল সমাজক কাৰাগাৰৰ বাহিৰে আন একো উপহাৰ দিব নোৱাৰে।
তেওঁ টুইটত উল্লেখ কৰিছে, বিজেপিয়ে পাতিদাৰ সম্প্ৰদায়ক ঘৃণা কৰে। নিজকে চৰ্দাৰ পেটেলৰ বংশধৰ বুলি উল্লেখ কৰি গোপাল ইটালিয়াই কয় যে, তেওঁ কাৰাগাৰলৈ ভয় নকৰে। ইফালে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই টুইটাৰৰ জৰিয়তে আপৰ বিৰুদ্ধেহে অভিযোগ উত্থাপন কৰিছে।
তেওঁ টুইটাৰৰ জৰিয়তে অভিযোগ কৰিছে, আম আদমী পাৰ্টীৰ একাংশ দুৰ্বৃত্তই তেওঁৰ কাৰ্যালয়ৰ বাহিৰত হুলস্থুল সৃষ্টি কৰিছে। সংবাদ সংস্থা এ এন আইত প্ৰকাশ পোৱা আন এক বাতৰি অনুসৰি ৰেখা শৰ্মাই কৈছে যে, তেওঁ গোপাল ইটালিয়াক মাতি পঠিয়াইছিল। কিন্তু তেওঁ আয়োগলৈ অহাৰ লগে লগে আপৰ কৰ্মীয়ে বেনাৰ লৈ আহি আয়োগৰ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। যাৰ বাবে তেওঁ আৰক্ষীক খবৰ দিয়ে।
তেওঁৰ মতে আপৰ কৰ্মীসকলে আয়োগৰ কাৰ্যালয়ৰ ক্ষতিসাধন কৰিবলৈও চেষ্টা কৰিছিল। তেওঁৰ মতে আপৰ নেতাসকলে এই লোক সকলক উত্তেজিত কৰিবলৈ, আইন-শৃংখলা বিনষ্ট কৰিবলৈ টুইট কৰি আছে।
ৰেখা শৰ্মাই এই লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে। কেৱল সেয়াই নহয় ৰেখা শৰ্মাই নিজৰ জীৱনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে বুলি উল্লেখ কৰিছে। উল্লেখ্য যে কেইদিনমান পূৰ্বে বিজিপেয় এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত গোপাল ইটালিয়াই প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল।
ইয়াৰ পিছতে বিজেপিয়ে আম আদমী পাৰ্টীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। এই ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় মহিলায় আয়োগেও গোপাল ইটালিয়ালৈ চমন জাৰি কৰিছিল আৰু তেওঁ ১৩ অক্টোবৰত আয়োগৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল।
উল্লেখ্য যে গুজৰাট বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আম আদমী পাৰ্টী আৰু বিজেপিৰ মাজৰ সংঘাত তীব্ৰতৰ হৈ পৰিছে। বিজেপিৰ দখলত থকা গুজৰাটত আপে খুব কম সময়তে খোপপি পুতি লোৱাৰ লগতে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে। আপলৈ গুজৰাটৰ জনতায়ো সমৰ্থন আগবঢ়াইছে।
আপৰ প্ৰতিটো কাৰ্যসূচীতেই গুজৰাটৰ জনতা জপিয়াই পৰিছে। এনে প্ৰেক্ষাপটত গুজৰাট আপৰ নেতাগৰাকীক আটক কৰা ঘটনাই দেশৰ ৰাজনীতি যে পুনৰ উত্তপ্ত কৰি তুলিব সেয়া নিশ্চিত।